হেঁপাহৰ ৰঙালী বিহু -নবীন চন্দ্ৰ মেধি

©Admin
0
চাৰিওফালে ঢোলৰ গুমগুমনি । তিহিতি তিহিতি পেঁপাৰ মাত । 

"ঢোল পেঁপা গগনা
নবজাবি বহনা
শুনিব মই নুখোজো মাত , 
এনুৱা পৰিস্থিতি ঐ 
কোঙা হৈ পৰিছো 
বিহু বিহু লগা নাই গাত । "

সঁচাকৈয়ে এইবাৰ সি মানে শৰতে যি পৰিস্থিতিৰ সন্মুখীন হৈছে বিহু বিহু লগাটো সম্ভৱপৰ নহয় । এনে পৰিৱেশ পৰিস্থিতিত পৰিলে মানুহ কোঙা হৈ পৰাটো স্বাভাৱিক । ঢোল পেঁপা গগনাৰ মাতে তাক আমনি কৰিব পৰা নাই । অতীতত হোৱা হ'লে সি 

"গাতে মেৰিয়াই ধূতি নো পাঞ্জাৱী , 
ককাঁলত টঙালি বান্ধি ,
মূৰত পাগ মাৰি ফুলামকৈ গামোচা 
ধুনীয়াকৈ সাজি কাচি । 
আহ ঐ আহ ৰঙিলী পমিলী
বিহু নাচিবলৈ যাওঁ , 
বাৰীৰে ঢাপৰে চকলা টেঙাটি
সৱে মিলি জুলি খাওঁ । " 

বুলি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু এপাক হ'লেও মাৰিলেহেঁতেন । 

এতিয়া সেই বিহুৰ উৎসাহ উদ্দীপনা হেৰাই গ'ল । বুঢ়া হৈ পৰিছে সি । আগৰ দৰে বিহু বুলিলে আনন্দ কৰিবলৈ মন নোযোৱা হ'ল । কষ্ট কৰিবলৈ নোৱাৰা হ'ল । মনৰ উৎসাহ ম্লান পৰাৰ বাবে একোৱেই ভাল নলগা হৈ পৰিল । 

চল্লিশ উৰ্দ্ধৰ এজন ব্যক্তিৰ গাত বিহু বিহু নালাগে বুলি ক'ব পৰা নাযায় । বুঢ়া বয়সলৈকে নাচি বাগি কটাই দিয়া ৰঙীয়াল মনৰ মানুহ বহুত আছে । আচলতে সমস্যাই মানুহক সকলো কথা শিকাই থৈ যায় । ভাল পৰিৱেশ পৰিস্থিতিত থকা হ'লে সি এতিয়াও ককাঁল ঘূৰাই নাচিলেহেঁতেন । 

নিজৰ দুটাকৈ ল'ৰা ছোৱালী আৰু পৰিবাৰ আছে । এনেয়ে সুখী পৰিয়াল যেনেই লাগে । তাৰ পিছতো সিহঁতৰ ভৰণ পোষণৰ চিন্তাই যেন তাক জুৰুলা কৰি পেলাইছে । উপাৰ্জনহীন এহাল পিতৃ মাতৃৰ চিন্তা । যি কামেই কৰিবলৈ লয় সেই কামতেই বিফল হয় । শিক্ষকতাৰ বৃত্তিৰে আৰম্ভ কৰা তাৰ জীৱনটো ছাহাৰা , জীৱন সুৰক্ষা , এল আই চি , জি টি এফ এচ , আইএমচি , এম আই লাইফ ষ্টাইল আদি কিমান কি যে কোম্পানীৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল । ছাহাৰাত সফল হৈছিল যদিও হঠাতে ছাহাৰা বন্ধ হৈ পৰাত তাৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছিল । কোনো ফালে ওলাই যাব নোৱাৰি । ছাহাৰাৰ কথা কৈ কৈ মানুহে পাগল কৰি পেলাব যেন । 

হয় ছাহাৰা ডুবিল । কোম্পানীয়ে সময়মতে গ্ৰাহকক টকা ঘুৰাই দিব পৰা নাই । কিন্তু তাত কোম্পানীৰ কি দোষ ? ভাৰত চৰকাৰে   ২৫০০০ কোটি টকা জব্দ কৰি থৈ দিছে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদেশ ভাৰত চৰকাৰে পালন কৰা নাই । ছাহাৰা ছেবি বিবাদৰ পৰিণতি ভোগ কৰিবলগীয়া হৈছে দেশৰ সাধাৰণ জনতাই । কিয় ছাহাৰাই গ্ৰাহকক জমা ধন নিজ হাতে ঘূৰাই দিব পৰা নাই ? ভাৰত চৰকাৰে দিম বুলি কৈ কিয় এতিয়াও ঘূৰাই দিয়া নাই ? ছাহাৰা অফিচৰ যোগেদি দিয়াত ভাৰত চৰকাৰৰ আপত্তি ক'ত ? 

ভাৰত চৰকাৰ আৰু ছাহাৰা কোম্পানীৰ মাজত লগা সংঘাতৰ ফল সাধাৰণ জনতাই ভোগ কৰিবলগীয়া হৈছে । তাৰ ফল ভোগ কৰিবলগা হৈছে তাৰ দৰে লাখ লাখ এজেণ্টে । চকুৰ টোপনি হৰণ , মনৰ ৰং আনন্দ সকলো হৰণ হৈছে । বিহুৱা ডেকাৰ মনৰ মাজত চলি থকা মনোবেদনা এই সকলোবোৰ ভাৰত চৰকাৰে উভতাই দিব পাৰিবনে ? ধিক্কাৰ ভাৰত চৰকাৰ । এনেকুৱা  স্বৈৰাতন্ত্ৰ চলি থকা বিজেপি চৰকাৰৰ পতন ঘটিলেও সি দুখ প্ৰকাশ নকৰে । নহ'লে যে নিজৰ জীৱন জীৱিকা সকলো হেৰুৱাব লগা পৰিস্থিতিৰ সন্মূখীন হৈছেহি । 

এটা সময় আছিল গোটেই ভাৰতবৰ্ষতে কংগ্ৰেছ চৰকাৰে শাসন কৰিছিল । পোন্ধৰ বছৰীয়া শাসন কালত অসমৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সিহঁতৰ চাকৰিটো প্ৰাদেশিকীকৰণ কৰি দিব পৰা নাছিল । কিমান আইন প্ৰণয়ন কৰিলে কিমান কি কৰিলে তথাপি চাকৰিটো নহ'ল । অৱশ্যে পাঁচ বছৰ মান আৰ্থিক সাহায্য প্ৰদান কৰিছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাই শিক্ষা মন্ত্ৰী হৈ থাকোঁতে শিক্ষকসকলক দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে । কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি সিহঁতৰ মূৰত ৰামটাঙোন কোবাই থৈ গ'ল । তাৰ পিছত কেৱল আন্দোলন আন্দোলন আৰু আন্দোলন । কংগ্ৰেছ গ' বেক । তৰুণ গগৈ গ' বেক । হিমন্ত বিশ্ব গ' বেক । 

কিন্তু নোমটেঙৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ পৰা আঁতৰি আহি বিজেপি দলত যোগদান কৰিলে । আকৌ প্ৰতিশ্ৰুতিৰ বৰষুণ দিলে । বিজেপি দলৰ চৰকাৰ গঠন কৰাৰ তিনি মাহৰ ভিতৰত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব । 


শিক্ষকসকলৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতি থকা ক্ষোভৰ বাবে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ বদ্ধ পৰিকৰ হৈ পৰিল । অৱশেষত কংগ্ৰেছ চৰকাৰৰ পতন ঘটিল । সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰ গঠন হ'ল । 

কিন্তু সপোন সপোন হৈয়ে থাকিল । সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব দুয়ো ঠগ প্ৰৱঞ্চক হিচাপে প্ৰমাণিত হৈ পৰিল । তিনি মাহ বাদ দিয়ক পাঁচ বছৰীয়া শাসন কালত সৰ্বানন্দ সোণোৱালৰ চৰকাৰে শিক্ষকসকলক চাকৰি দিবলৈ সক্ষম নহ'ল । তাৰ পিছত আকৌ নিৰ্বাচন আহিল । এইবাৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক লেং মাৰি অসমৰ মুখ্যমন্ত্ৰী হ'ল । ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ কিছুসংখ্যকক টিউটৰ হিচাপে নিযুক্তি দিলে । কিন্তু বাকীসকলক চাকৰিৰ পৰা বঞ্চিত কৰি পঠিয়াই দিলে । সেইসকল শিক্ষক কৰ্মচাৰী আজিও বঞ্চিত হৈ ৰ'ল । হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী সুৰক্ষিত কৰিলে কিন্তু জনসাধাৰণৰ কথা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাৱি নাচালে । সৰ্বত্ৰে প্ৰতিবাদ হ'ল । কিন্তু হাতীৰ গা জানো ল'ৰে ? গতিকে এইবাৰ ভাৰত চৰকাৰৰ লোকসভাৰ নিৰ্বাচনত বিজেপি দলৰ চৰকাৰ খনক এসেকা দিয়াৰ মন বান্ধি ল'লে সিহঁতে । নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব কাকো বিশ্বাস নকৰে সিহঁতে ।  চৰকাৰ পতন ঘটাব লাগে মাথো সিমানেই জানে । দুই তিনি বছৰৰ আগত কম খন লটি ঘটি কৰিলেনে এইখন চৰকাৰে ? কোভিড মহামাৰীৰ নামত , কা আন্দোলনৰ নামত সাধাৰণ জনতাই ৰাজপথলৈ ওলাই যাবলৈ ভয় কৰা হ'ল । ইণ্টাৰনেট সেৱা পৰ্যন্ত কাটি দিছিল । লগ ডাউন ঘোষণা কৰি সকলো মানুহক ঘৰৰ ভিতৰতেই আৱদ্ধ কৰি ৰখাৰ যি ষড়যন্ত্ৰ সেয়া পাহৰা নাই আৰু ভৱিষ্যতেও কোনোৱে নাপাহৰে । 

এইখন চৰকাৰৰ বাবে আজি তাৰ এই অৱস্থা হৈছে । জীৱনত আৰু কোনোদিনে সি বিজেপি চৰকাৰৰ সপক্ষে  ভোট প্ৰদান নকৰে । প্ৰতি বছৰে বিহুৱে পূজাই সি কান্দিব লগা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে । সি মনৰ পৰা বিজেপি দলটো মচি পেলোৱাৰ সিদ্ধান্ত ল'লে । বিহু বুলিলে যেনেদৰে তাৰ মনৰ পৰা আনন্দ উৎসাহ নাইকীয়া হ'ল বিজেপি বুলিলেও একেই হ'ল । 

বিহুৰ বতৰতো সি অকলশৰীয়াকৈ দোকানখনতে বহি এইবোৰ কথাই ভাৱি আছিল । সন্মুখেৰে মানুহবোৰে গাড়ী মটৰ লৈ বিহু গীত গাই গাই উকিয়াই উকিয়াই গৈ আছিল । সিহঁতৰ মনত আনন্দ লাগিছে । মনৰ আনন্দ স্বত:স্ফুতভাৱেই বাহিৰলৈ ওলাই আহিছে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)