ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন•খণ্ড ৫২- নবীন চন্দ্ৰ মেধি

©Admin
0
বছৰৰ প্ৰথম দিনটোতেই হুঁচৰি গাবলৈ গাঁৱৰ বিহু দলটি নিৰ্মল কুমাৰৰ ঘৰলৈ আহিল । গৰু বিহুৰ দিনা গধুলি সময়ৰ পৰাই খেলৰ ৰাইজে প্ৰতিবছৰে হুঁচৰি গাবলৈ লয় । এইবাৰো ব্যতিক্ৰম নহ'ল । যোৱাকালি প্ৰথমে গাঁৱৰ নামঘৰত হুঁচৰি আৰম্ভ কৰিলে । তাৰ পিছত খেলৰ মুৰব্বী দুই চাৰি ঘৰত বিহু গাই সিদিনালৈ বিহু সামৰণি মাৰিলে । 

আগৰ দৰে বিহু বুলিলে উৎসাহ উদ্দীপনা নাইকীয়া হ'ল । তথাপিও খেলৰ বিহু জোৰা আহিছে যেতিয়া সি চুৰীয়াখন পিন্ধি কান্ধত গামোচা খন লৈ ভিতৰৰ পৰা ওলাই আহিছিল । এইবাৰ দেখোন গাঁৱৰ জীয়ৰী বোৱাৰীৰ বিহুৰ উৎসাহেই বেলেগ । গাঁৱৰ ন ন গাভৰু জীয়ৰী বোৱাৰী সকলোৱে মাৰ বান্ধি ওলাই আহিছে । ভাল লাগিছে সকলোৱে মিলি জুলি হুঁচৰি গাবলৈ লোৱাৰ বাবে । 

বিহু দলটিয়ে নিৰ্মল কুমাৰৰ ককায়েকৰ ঘৰৰ পৰা বিহু মাৰি আহে মানে ৰাতি ন বাজিছিল । কৌশিক প্ৰতাপ ইতিমধ্যে টোপনিত লালকাল হৈ শুই পৰিছিল । সি কৌশিকক বিহু চাবলৈ বুলি উঠালে । পৰিণীতাই বিহু চোৱাত লাগিল । ঘৈণীয়েক ডালিমীয়ে শৰাইত তামোল-পাণ ৰুমাল গামোচা সহ টকা কেইশমান দি ৰাইজৰ আগত আঁঠু ল'লে । 


এইবেলি ৰাইজক সৰহকৈ ধন দিবলৈও হাতত ধন নাছিল । গতিকে গৃহস্থই যি দিছে তাকে লৈ ৰাইজে হ'ব হ'ব এইবাৰ ইমানতে সামৰিছো অহা বছৰলৈ অলপ বেছিকৈ দিব বুলি কৈ গ'ল গৈ ।  ৰাইজে নেদেখা নহয় যোৱা বছৰতকৈ এই বছৰ সিহঁতৰ অৱস্থা বহুত বেয়া হৈ পৰিছে । আগতে মাষ্টৰ বুলি অলপ টানি ধৰিছিল । সন্মানৰ খাতিৰত দিব লগা হৈছিল । কিন্তু এইবাৰ সি দোকানী হ'লগৈ । শিক্ষকৰ সন্মান হানি হৈ পৰিছিল । গতিকে বেছি জোৰ নকৰিলে । 

নিজৰ ঘৰত হুঁচৰি গাই হোৱাৰ পিছত সিহঁতৰ লগত হুঁচৰি গাবলৈ ওচৰতে দুই এঘৰলৈ যাম বুলি ভাবিছিল যদিও লেঙেৰা ভৰি খন লৈ যাবলৈ ইচ্ছা নকৰিলে । 

বাদ দিয়াহে । 

লগে লগেই তাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱলৈ মনত পৰি গৈছিল । কথাই কথাই বাদ দিয়াহে , আমেৰিকাতো বানপানী হয় । সেয়া কিবা কংগ্ৰেছ চৰকাৰে কৰিছে নেকি বুলি সাংবাদিক সকলৰ মুখতে কয় । হয় কংগ্ৰেছ চৰকাৰে সকলো কৰিব পৰা নাছিল । এতিয়া বিজেপি চৰকাৰে জানো পাৰিছে ? নোৱাৰে , কোনোৱে স্বয়ং সম্পূৰ্ণ নহয় । কংগ্ৰেছ চৰকাৰৰ পতন হোৱাৰ দৰে এদিন বিজেপি চৰকাৰৰো পতন ঘটিব । ৰাইজৰ আস্থা হেৰুৱাই পেলাব । ৰথৰ চকৰি ঘূৰাৰ দৰে সময়ৰ পাকচক্ৰত পৰি এদিন সকলো তল ওপৰ হ'ব । যিদৰে আজি নিৰ্মল কুমাৰে ভোগ কৰিবলগীয়া হৈছে । এদিন আকৌ ভাল দিন আহিব । সেই সময়ৰ অপেক্ষাত বেয়া দিনবোৰ পাৰ কৰিবলৈ সি বদ্ধপৰিকৰ হৈ পৰিছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)