এটা কাৰণ এটা অজুহাত -সংযুক্তা দত্ত

@admin
0
মানুহক কাম এটা কৰিবলৈ এক বিশেষ কাৰণ লাগে । ঠিক তেনেদৰে মানুহক কাম এটা নকৰিবলৈ এটা অজুহাত লাগে । এটা কাৰণেই আপোনাক বহুত কিবা কিবি দি থৈ যাব পাৰে। ঠিক তেনেদৰেই এটা অজুহাতেই আপোনাৰ পৰা বহুত কিবা কিবি লৈ যাব পাৰে। আপুনি সুখী আৰু সফল হ'বলৈ হ'লে মাত্ৰ আপোনাক এটা কাৰণই প্ৰয়োজন হ'ব। কিন্তু আপুনি দুখী আৰু বিফল হ'বলৈ হ'লে আপোনাক বহুত অজুহাতৰ প্ৰয়োজন হ'ব। কামৰ প্ৰতি থকা অজুহাতবোৰ লাহে লাহে নাইকিয়া কৰক আৰু কামৰ প্ৰতি থকা কাৰণবোৰক লাহে লাহে আনিবলৈ চেষ্টা কৰক। অসমীয়াত এটা ফঁকৰা-যোজনা আছে - " এলাহৰ কাম ছমাহৰ"। অৰ্থাৎ আমি যদি কামবোৰ আমাৰ এলাহৰ বাবে থৈ যাওঁ পাছত কৰিম বুলি তেতিয়া আমাৰ সেই কামবোৰ কেতিয়াও কৰা নহয় । এদিনৰ এলাহ আমাৰ বাবে ছমাহৰ এলাহ হৈ পৰে। আৰু শেষ পৰ্যায়ত আমি কামবোৰ ভালদৰে শৃংখলাবদ্ধভাৱে কৰিবলৈ সক্ষম নহওঁ। 

          সেই মূহুৰ্তত এলাহ আমাৰ বাবে অজুহাত হৈ পৰিল। যদিহে আমি সেই মূহুৰ্তত এলাহ আৰু অজুহাতক ত্যাগ কৰি কাম কৰাৰ এটা কাৰণ বিছাৰি ললোঁ হেতেঁন তেতিয়া সেই কামটো সোনকালে শেষও হ'লহেতেঁন আৰু কামটো কৰি থকা মূহুৰ্তত আমি বহুত কিবা কিবি শিকিবও পাৰিলোঁ হেতেঁন । গতিকে , আপুনি জীৱনত কি বিছাৰে এটা কাৰণ নে এটা অজুহাত সেয়া সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব ।   

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)