শেষৰ পৃষ্ঠাও ঠিক মহত্বপূৰ্ণ বাক্য লিখিত
মাজতে ৰিক্ত পৃষ্ঠা জীৱনৰ বাবে ----
শুভ্ৰ পৃষ্ঠা এটাও অপচয় নকৰাকৈ
খোদিত কৰিব লাগিব মই
সময়ৰ গতিত প্ৰাপ্য দৃশ্য শ্ৰাব্য কথিত
মন্থিত
নীলা চিয়াঁহীৰ ভাস্কৰ্য ----
ভাস্কৰ্য হয়তো সুন্দৰ নহ'ব পাৰে
সেই বুলি তুমি নোচোবাকৈ নাথাকিবা।
কাৰণ
ডাঙৰ শিলবোৰ পাহাৰত থাকে
সৰু শিলবোৰ সিঁচৰিত ৰাস্তা ঘাটে
বাটে পথে য'তে ততে--
সৰুতে উজুটি খাই পৰে মানুহ
হঠাতে----।
সাগৰৰ নিমখৰ দৰে জীৱন
সকলোকে লাগে
প্ৰয়োজনীয়তকৈ বেছি ব্যৱহাৰ নহয়
সদ ব্যৱহাৰ মাত্ৰ আবশ্যক মতে।
জীৱনত বিৰক্তি জন্মোৱা
হৃদয়ত আঘাত দিয়া বচন খোদিতৰ
বাবে নহয়
শুভ্ৰ ৰিক্তপৃষ্ঠা পূৰ্ণ কৰিব লাগিব মই
যাত্ৰাৰ অনুভৱবোৰ বুটলি বুটলি
বৰ্ণ শব্দৰ মালা গথা এটি ইতিহাস
সময়ৰ গতিৰ স'তে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ