দেউতা- এটি আৱেগ **নাজিৰুল হʼক

@admin
0
আজি নমাহ পাৰ হʼল। জ্বলি থকা অন্তৰত টোপাল টোপাল নেমুৰস সৰে। এই অস্থিৰতাৰ অন্ত বিচাৰি দুৱাৰে দুৱাৰে লজ্জিত, অপমানিত হৈছোঁ। কতযে লোক- নিন্দাৰ মুখামুখি হৈছো। আজিৰ সমাজত নমনীয় হৈ থকাৰ এয়া প্ৰতিদান নে? সমাজে কিছু কথা জানিও আত্মসন্তষ্টিত হেৰাই পৰি প্ৰচাৰত নামিছে আমাৰ নিন্দা কৰাৰ। এনে কিছুমান কথা বুকুত খুন্দিয়াই থকাত কান্দি থকা নীলে হাতৰ পৰা সৰি পৰা কলম উঠাই লৈ কাগজ এখিলাত মনৰ ভাৱবোৰ ব্যাখ্যা কৰি এখন চিঠি লিখিবলৈ লʼলে-
মৰমৰ দেউতা,
                     ভালেই আছা তুমি? তুমি ভালেই আছা ছাগে কিয়নো তুমি অসুস্থ হʼলে,দুখ কৰিলে তোমাৰ সোণটিয়ে অনুভৱ কৰিব পাৰে। আজি নমাহ সাত দিন হৈছে তুমি আমাৰ পৰা দূৰত থকা তুমিও হয়তো এনেদৰেই দিনবোৰ পাৰ কৰিছা হিচাপ কৰি কৰি । এই হিচাপৰ অন্ত হোৱাৰ প্ৰাৰ্থনাত বিধাতাৰ চৰণত মিনতি কৰি আছোঁ। সঁচা কথা ক'ব গ'লে ঘৰত কোনোৱেই ভাল নহয় সকলোৱে ভালে আছে দেখুওৱাৰ নাটক কৰি ইজনে-সিজনক বুজনি দি শান্তি লভে। তোমাৰ বিচ্ছেদৰ বিৰহ-বেদনাত মা, ককা-আইতা,ভাইটি-বা সকলো ভিতৰৰ পৰা টুকুৰা-টুকুৰ হৈ পৰিছে। তুমি থকা ঠাইতও জোন-বেলি ওলায়, তৰাবোৰে আমি হৈ তোমাৰ লগত কথা কয়, তিৰবিৰাই তোমাৰ মৌনতা ভাঙিব খোজে কিন্তু বিচ্ছেদৰ দূৰত্বই সেয়াক পূৰ্বৰ দৰে হয়তো তোমাক সুখ নিদিয়ে । তুমি লক্ষ্য কৰিছানে,জোনৰ লগতেই থকা তৰাটিলৈ। তোমাৰ সোণটিৰ বাবে সেয়া তুমি, প্ৰতিদিনে সেই তৰাটিয়ে তোমাৰ সোণটিৰ আৱেগবোৰ দেখি চকুপানী সৰায়। কেতিয়াবা ক্লান্ত মোক হহোৱাবলৈ তিৰবিৰাই হাহে। আবেলি আলনাত থকা তোমাৰ কাপোৰৰ গোন্ধয়ে মোক কলম উঠাই দুই এশাৰী লিখিৰ উন্মেষ জগায়। সন্ধিয়া তুমি বহা ঠাইত মই বহি তুমি হোৱাৰ ভাৱ ধৰোঁ। সিদিনা জানা, আইতাই তোমাৰ ফটোখন চাই হাতখন বোলাই দিছিল তোমাৰ মুখৰ ওপৰত,আইতাৰ চকুত মৰমৰ নিজৰা নামি আহিছিল, মোক টানি আইতাৰ বুকুখনত জাপি ধৰি- নীল তোক মই দেউতাৰাৰ দৰে দূৰত যাব দিব নুখুজো বুলি কৈ কান্দিছিল। মাই বৰ মনত কৰে তোমাক,‌ মই প্ৰায়ে ৰাতি মাক কান্দি থকা শুনো। তুমি অবিহনে ঘৰখন মৰুভূমিৰ নিজান জুপুৰী তুল্য হৈ পৰিছে। জীৱনৰ পথত বাটে-ঘাটে তুমিহীন অনুভৱ কৰিছো। মূৰৰ ওপৰত থকা শক্তিটো চকুৰ পলকত আকাশৰ দিশত বিলীন হৈ পৰিছে যেন লাগে। তোমাক সাৱটি ধৰাৰ সপোন মোৰ নিমিষতে নাইকিয়া হৈছে যেন লাগে। মই জানোঁ, তুমি নিষ্পাপ,কোমল হৃদয়,সহানুভৱশীল কিন্তু সমাজৰ আওকানে, আত্মসন্তোষ্টিৰ লোভে তোমাৰ আৰু আমাৰ মাজত দেৱাল সাজিছে, তোমাৰ ওপৰত সমাজে দিয়া অপবাদৰ কথা মনত পৰিলে অন্তৰৰ দুৱাৰবোৰত বিশাল ঢৌৱে খুন্দিয়াই তথাপিও এয়া হয়তো পৰমেশ্বৰৰ লীলা বুলি সান্তনা দিওঁ। কাৰাবাসত বন্দী তাৰোপৰি অন্যায় নকৰাকৈ, ইয়াৰ বাবে কিমান ধৈৰ্য্যৰ প্ৰয়োজন হ'ব লাগে সেয়া হয়তো মুকলি আকাশৰ তলত থকা মই অনুভৱ পৰ্যন্ত কৰিব নোৱাৰিম।কি দোষত ভগৱানে এনে পৰীক্ষা লৈ আছে, বিচ্ছেদিত মনৰ দুখবোৰক ভগৱানে কিয় মূল্যহীন বাবে দেখিছে।এনে বহুত কথাই মনত ঠেহ পাতে।তোমাৰ লগত আৰু কথা পাতিব মন আছিল কিন্তু মায়ে ভাত খাব মাতিছে, সময়ো ৰাতি চাৰে এঘাৰ বাজিছে। আৰু ৰাতিপুৱা চিঠিখন ডাকত দিম,তুমি কেতিয়া পাবা চিঠিখন গম নাপাওঁ কিন্তু চিঠিখন পঢ়ি তুমি নাকান্দিবা। আকৌ লিখিম তোমালৈ।ভালে থাকিবা,খোৱা - লোৱাবোৰ সময়মতে কৰিবা।তুমি সোনকালে উভটি আঁহা তাকে ভগৱানৰ ওচৰত কাতৰ মিনতিৰে প্ৰাৰ্থনা কৰিছোঁ। সন্ধিয়া তোমাৰ বুকুখনত শুই জুবিন গাৰ্গৰ গীতটি গুণগুণাব খোজা -
       মনে যদি টোকে চকুলো
       নিচুকাই দিবানে অʼ দেউতা
       সপোনে যদি হেৰাই ঠিকনা 
       বিচাৰি দিবানে অʼ দেউতা 
       শোকত যদি বিষায় বুকু
       তুমিও কান্দিবানে দেউতা 
       জীৱন যদি হয় ভাগৰুৱা 
       জিৰাব দিবানে অʼ দেউতা 
       অʼ..... দেউতা 
       খোজে খোজে তুমি মোৰ ছায়া
       শব্দৰে শেষ নহয় তোমাৰ কথা 
       অʼ..... মোৰ দেউতা ।।

                                ইতি,
                            তোমাৰ নীল



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)