ফাগুন•ভাৰ্গব জ্যোতি দাস

Rinku Rajowar
0
ফাগুন,ফাগুন মানেই যেন এটি আবেগ
ফাগুন মানেই পছোৱা ব'লাৰ
এটি মনোমোহা পৰিবেশ,
ফুলৰ পাহি বোৰেও কঢ়িয়াই আনে
শান্তি  আৰু সমৃদ্ধিৰ এটি নিভাঁজ আবেশ
গছ ল'তা বোৰেও ন ন ৰূপেৰে 
সলনি কৰিছে নিজৰ সমাবেশ।
ফাগুন উন্মাদিনী,চঞ্চল,আৰু চলনাময়ী
নাথাকে কোনো পাতনি,নাথাকে কোনো পৰিধি,
অফুৰন্ত শক্তিৰে বতাহৰ দৰে আহি
দি যায় এক আশাৰ ৰেঙণি।
শিমলু পলাশৰ ফুল বোৰেও
ৰিঙিয়াই মাতিছে হাত বাউলি 
ফাগুন কথাকে ক'বলৈ 
ফাগুনৰ গানকে গাবলৈ,
সঁচাকৈ ফাগুন বৰ চঞ্চল।। 

•ভাৰ্গব জ্যোতি দাস
জিলা-নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)