শাৰদী ৰাণী তোমাৰ হেনো নাম•নীল প্ৰজাপতি

Rinku Rajowar
0
একাকীত্বৰ সুৰুঙাৰে সৰকি আহে
এচাটি বলীয়া বতাহ,
জাহিৰ কৰে নিজৰ স্বামীত্ব 
জমি উঠে কবিতাৰ দুনীয়াৰ মজলিচ! 

সাৰ পাই উঠে নিশাৰ শেৱালি
নিয়ৰৰ দুলনিত, 
হেপাহঁ দুবৰিৰ শেতেলীত শুই
অমৰ প্ৰেমৰ সাক্ষী হোৱাৰ! 

এটি শাৰদী নিশাৰ সপোন, 
এখন আশাৰ ঘৰ, 
হেপাহঁ জনম জনমৰ, 
পুৱতি তৰাই পেলাই যতি, 
প্ৰতিশ্ৰুতি গোপন মিলনৰ! 



নীল প্ৰজাপতি
জাগীৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)