বন্ধুত্ব - শ্ৰী প্ৰদ্যুত শৰ্মা

©Admin
0
বন্ধুত্ব হেনো বেছি দিনলৈ জীয়াই ৰাখিব নোৱাৰি |কিন্তু বন্ধুত্ব জীয়াই   থাকিব যদিহে বন্ধুত্ব সচাঁ অন্তৰৰ হয় |ঠিক তেনেদৰে সীমান্ত, অভিনৱ , অমূল্য ,অনুভৱ এই চাৰিটা ল'ৰাৰ বন্ধুত্ব বহুত পুৰণি  |সিহঁত সদায়  মিলা-প্ৰীতিৰে থাকে |সিহঁত চাৰিটা এতিয়া নৱম শ্ৰেণীৰ ছাত্ৰ  |সিহঁত বিদ্যালয়ত একেলগে থাকে |কিন্তু সিহঁতৰ শ্ৰেণীকোঠাত বিদ্যুত নামৰ এজন ল'ৰা আছিল |সি সিহঁতৰ সম্পৰ্ক বেয়া কৰিবলৈ বহুত চেষ্টা কৰিছিল |কিন্তু সি নোৱাৰিলে |এদিন সি সীমান্তৰ বেগৰ পৰা এখন কিতাপ উলিয়াই অনুভৱৰ বেগত ভৰাই থ'লে |সীমান্তই কিতাপখন বহুত বিচাৰিলে কিন্তু কিতাপখন বিচাৰি নাপালে |বিদ্যুতে সেই কথাটো সিহঁতৰ শ্ৰেণী শিক্ষক প্ৰকাশ বৰুৱা ছাৰক ক'লে। প্ৰকাশ ছাৰে সিহঁতৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বেগত চাবলৈ ক'লে |সীমান্তই সকলোৰে বেগ চালে শেষত অনুভৱৰ বেগত চালে আৰু অনুভৱৰ বেগত কিতাপখন সীমান্তই বিচাৰি পালে |তেতিয়া সীমান্তই ক'লে , "অনুভৱ মই তোক বহুত বিশ্বাস কৰিছিলোঁ |কিন্তু তই যে মোৰ বিশ্বাস ভাঙিবি মই সপোনতো ভবা নাছিলোঁ অ'|"কিন্তু সেই গোটেই কথাটো অভিনৱে গম পাইছিল |কাৰণ বিদ্যুতে যে কিতাপখন সীমান্তৰ বেগৰ পৰা উলিয়াই অনুভৱৰ বেগত ভৰাই থৈছিল |অনুভৱে ক'লে ,'' সীমান্ত আমি সৰুৰে পৰাই একেলগে পঢ়ি আহিছোঁ |মই জানো আগতে এনেকুৱা কৰিছোঁ ! সীমান্ত মই  সচাঁ কথা কৈছোঁ |মই নাই কৰা |"অভিনৱে আহি ক'লে "ৰহ , সীমান্ত আচল কথাটো মই গম পাওঁ |বিদ্যুতে সিমান্তৰ বেগৰ পৰা কিতাপখন উলিয়াই অনুভৱৰ বেগত ভৰাই থৈছিল |যাতে আমাৰ মাজৰ বন্ধুত্ব ইমানতে সমাপ্ত হয় |কিন্তু মই নেদেখা হ'লে আজি হয়তো আমাৰ বন্ধুত্ব শেষ হ'লহেতেন |বিদ্যুতক মই সুধিম !"অভিনৱে  বিদ্যুতক মাতিলে |"বিদ্যুত তই সীমান্তৰ কিতাপখন ক'ত থ'লি ?"  বিদ্যুতে নাই লোৱা বুলি বাৰম্বাৰ ক'লে কিন্তু পিছত শ্ৰেণী শিক্ষকৰ পৰা এশিকনি পাই সি  সচাঁ কথাবোৰ কৈ দিলে ," অ' মই কিতাপখন সীমান্তৰ বেগৰ পৰা আনি অনুভৱৰ বেগত ভৰাই থ'লো, যাতে কিতাপখন বিচাৰোঁতে অনুভৱৰ বেগত পায় |শেষত সেয়েই হ'ল |কিন্তু মই এই সিদ্ধান্ত লোৱাৰ কাৰণ হ'ল , তহঁতি মোক লগ নধৰ’ , সেই বাবেই মই এনেকুৱা কৰিলোঁ |মোক তহঁতি ক্ষমা কৰি দে আৰু মই এনেকুৱা কেতিয়াও নকৰোঁ |মই বহুত হিংসা কৰিছিলোঁ | "  বিদ্যুতে কথাখিনি বুজি পালে |অভিনৱে ক'লে, " অ' তই সেই বাবেই এনেকুৱা কৰিলি |ইয়াত আমাৰো দোষ আছে |আমি তোৰ লগত নাথাকোঁ |কিন্তু আজিৰ পৰা আমি বন্ধু হ'লোঁ |আমি তোক ক্ষমা কৰি দিলোঁ |" আৰু তেতিয়াৰ পৰাই বিদ্যুত সিহঁতৰ লগত বন্ধু হ'ল |সচাঁ বন্ধুত্বত ভগৱানেও লগ দিয়ে |

নাম -শ্ৰী প্ৰদ্যুত শৰ্মা  
শিৱসাগৰ  কালুগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)