সৰাপাত- নিশা বৰা

©Admin
0
প্ৰেমবোৰে কুঁহিপাত মেলিছিল
উদং বিৰিখৰ বুকু শুৱনি কৰি....
মৰমবোৰে বুকুত ঢৌ তুলিছিল
গভীৰ সমুদ্ৰৰ নীলিমা সানি !

কিন্তু আজি...

প্ৰেমবোৰ সৰিবলৈ ধৰিছে
বাৰিষাৰ বলিয়া বৃষ্টিৰ দৰে....
হৃদয়খন লঠঙা হৈ পৰিছে
কোনোবা দূৰৈৰ জনশূন্যতাৰে আৱৰা চহৰৰ দৰে ! ‌

নৈৰ পাৰৰ শুকান বালিবোৰ উজ্জ্বলতাবিহীন....
সূৰুযৰ সোণালী আভায়ো আজি তাক স্পৰ্শ কৰাত সামৰ্থ্যহীন !

মোৰ বাবে প্ৰেম তুমি দিয়া শ্ৰেষ্ঠতম উপহাৰ.…
সেইবুলি মোৰ হৃদয়ক প্ৰতাৰণা কৰাৰ আছে জানো তোমাৰ অধিকাৰ !

তোমাক হয়তো আজি আনৰ সান্নিধ্যই দিছে যৌৱনৰ তৃপ্তি....
মোৰ কলিজাৰ কেঁচা টুকুৰাবোৰেহে কেৱল কঢ়িয়াই লৈ ফুৰে যন্ত্ৰনাৰ জীয়া স্মৃতি !

জোনাকবোৰো আজিচোন মোৰ বাবে হ'ব ধৰিছে অস্বস্তিৰ আৰ্তনাদ....
যি আছিল এটা সময়ৰ আকাংক্ষিত অনুৰাগ !

তুমি দিয়া মৰমবোৰ আঁকিছিলো উন্মত্ত হৃদয়ৰ আকুলতা সামৰি....
আজি কেৱল বুটলি লওঁ সৰাপাতৰ দৰে অৱহেলিত এখিলা পুৰণি কাগজ বুলি !

                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)