শিশু জ্ঞানৰ বিকাশ - হিয়াশ্ৰী শিৱম

©Admin
0
শিশু জ্ঞানৰ পৰিসৰ বহল অৰ্থত পৰিয়াল তথা সমাজৰ পৰাই আৰম্ভণি হয়। পৰিয়ালৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰ আদিকে ভিন্ন কৰি ঘৰুৱা কাৰ্যক প্ৰাধান্য দিলে শিশুসকলৰ মন-মগজুৰ ক্ৰিয়াবোৰে পোখা মেলিবলৈ আৰম্ভ কৰে। প্ৰসিদ্ধ দাৰ্শনিক পাশ্চাত্যৰ চৰমপন্থী অভিজ্ঞতাবাদী ব্যক্তি হিউমিকৰ উদ্ধৃতি মৰ্মে অভিজ্ঞতাবাদত ইন্দ্ৰিয় সংবেদনৰ বাহিৰে আন কোনো জ্ঞানৰ স্থান নাই। জ্ঞানৰ উৎপত্তিত বুদ্ধি আৰু যুক্তিয়েই একমাত্ৰ উৎস। বুদ্ধিয়ে দিয়া জ্ঞান যথাৰ্থ,সাৰ্বিক আৰু অনিবাৰ্য।সেয়ে ক'ব পাৰি যে শিশুসকলৰ প্ৰাথমিক জ্ঞানৰ মূল ভেঁটি সদায় ঘৰখনেই।
    দাৰ্শনিক জন ল'কৰ অনুসৰি জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে হৈ থাকে,যাক আমি নিজৰ ইচ্ছা মতে পৰিচালনা কৰিবলৈ সক্ষম হওঁ আৰু এই পৰিচালনা কেৱল এটি শিশুৱে ইন্দ্ৰিয়েদি যি অনুভৱ কৰিব,যি দেখিব,যি শুনিব তাৰ পৰাহে একো একোটিকৈ জ্ঞান আহৰণ কৰি ভৱিষ্যতৰ বাবে নিজ নিজ কৰ্মৰ যোগেদি প্ৰকাশ কৰিব।সেইবাবে শিশুৰ জ্ঞান দৈনন্দিন জীৱনত ইমানেই বেছি প্ৰয়োজনীয় যিদৰে এটি ঘৰ বনাবলৈ তাৰ মূল ভেঁটিটো প্ৰথমে মজবুত কৰি লোৱাটো দৰকাৰ।।



হিয়াশ্ৰী শিৱম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)