সংজ্ঞাবিহীন জীৱনৰ ব্যস্ততা - পল্লৱী দাস

©Admin
0
ব্যস্ততা মানুহৰ জীৱন আৰু
সময়ৰ বাবে এক এৰাব নোৱৰা সম্পৰ্ক । ইয়াক সংজ্ঞাৰে ধৰি ৰখাটো অতি কঠিন । এই ব্যস্ততা নামৰ অজুহাতটোৱে আমাৰ জীৱন ভৰি থাকে আৰু কেতিয়াবা আমাৰ জীৱনৰ গতি ৰূদ্ধ কৰিও তোলে । এই জীৱনৰ ব্যস্ততাবোৰ কাৰোবাৰ বাবে যদি ভাল লগা হয় আন কাৰোবাৰ বাবে আকৌ বেয়া লগা । এই ব্যস্ততাই কাৰোবাক যদি আনন্দ দিয়ে আন কাৰোবাক আকৌ আমনিও দিয়ে। 
            কিছুমান ব্যস্ততাপূৰ্ণ জীৱনে জীৱনৰ ৰং অনুভৱ কৰিবলৈ নিশিকে , আন কিছুমানে আকৌ সেই ব্যস্ততাৰ মাজতো জীৱনটোক ৰঙীন কৰি তুলিবলৈ প্ৰয়াস কৰে । আমি জীৱনৰ ব্যস্ততাৰ মাজত ইমান সোমাই পৰোঁ যে কেতিয়াবা শব্দবোৰেও হাহাকাৰ কৰে , অনুভৱৰ অনুভূতিবোৰেও প্ৰকাশৰ বাট বিচাৰি নোপোৱা হয় । জীৱনৰ এই ব্যস্ততাৰ উপহাৰ হিচাপে পাওঁ মাথো এক যন্ত্ৰৱৎ জীৱন । 
          স্বাৰ্থপৰতাৰ প্ৰলয়ত ইমানেই ব্যস্ত হৈ পৰিছো যে মানৱতাৰ শিপাডালকো হেৰুৱাই পেলাইছোঁ । নিজৰ অনুভূতিসমূহকো মূল্যহীনতাৰ গৰাহলৈ ঠেলি পঠিয়াইছো। এই প্ৰতিযোগিতামূলক পৃথিৱীয়ে মানুহক আপোনা আপুনি ব্যস্ত হ'বলৈ বাধ্য কৰাইছে । এই ব্যস্ততাই বৰষুণ ভালপোৱা , হালধীয়া পথাৰ ভালপোৱা এজনকো অফিচ-কাছাৰীৰ কোনো এটা চুকত বহুৱাই ৰাখিছে । যিটো সময়ত আগতে ককা - আইতাই নাতি- নাতিনীক মুকলি আকাশৰ তলত সাধুকথা শুনাই আনন্দ উপভোগ কৰিছিল । বৰ্তমান সময়ত সাধুকথা শুনাটো দূৰৰে কথা , নাতি - নাতিনীক লগ পাবলৈও বছৰ বছৰ ধৰি ধৈৰ্যৰে ৰব লগা হয় । ব্যৱসায়ৰ সূত্ৰেই হওক বা চাকৰিৰ সূত্ৰেই হওক এঠাইৰ পৰা আন ঠাইলৈ দৌৰা দৌৰি কৰিবলগীয়া হয় । যিকোনো উৎসৱ - পাৰ্বণত ঘৰৰ আত্মীয় স্বজনক লগ পোৱাৰ পৰাও বিৰত থাকিব লগা হয় । ইয়াৰ কাৰণ হৈছে এই প্ৰতিযোগিতামূলক পৃথিৱী ।
এই প্ৰতিযোগিতামুলক পৃথিৱীত খোজত খোজ দি যাবলৈ হ'লে এই ব্যস্ততাৰ অতি প্ৰয়োজন । কিন্তু আজিৰ এই ব্যস্ততাৰ পৃথিৱীত আমি দৌৰিবলৈ শিকিছো কেৱল সাফল্য আৰু ব্যস্তবাদী জীৱনৰ দিশে । এই দিশেৰে গতি কৰিবলৈ যাওঁতে আমি যেন ক'ৰবাত নহয় ক'ৰবাত আবদ্ধ হৈ পৰিছো । বৰ্তমান প্ৰায়বিলাক মানুহৰ মনবোৰ উচ্চাকাংক্ষী হোৱাৰ লগতে চিন্তা ধাৰণা হৈ পৰিছে ব্যস্তবাদী। আচলতে সকলো মানুহৰে দামী গাড়ী, ভাল ঘৰ, উচ্চ পদৰ এটা চাকৰি , অত্যাধুনিক জীৱনশৈলীৰ প্ৰতি আকৰ্ষণ থাকে । এই সপোনবোৰ দিঠকত পৰিণত কৰিবৰ বাবে দিন ৰাতি অহৰহ প্ৰচেষ্টা চলাই আছে । ইয়াৰ ফলত মানুহবোৰ হিংসুক আৰু উগ্ৰ প্ৰকৃতিৰ হৈ পৰিছে । সহনশীলতা , ধৈৰ্য্য , মানৱীয়তা আদি গুণবোৰ যান্ত্ৰিকতাৰ গ্ৰাসত হেৰাই গৈ অপৰাধ জনিত ঘটনা সংঘটিত হোৱাও দেখিবলৈ পোৱা গৈছে । 
         ৱিলিয়াম ডেভিচে কৈছিল,
                  '' What is this life is full of care, we have to time to Stand and Stare . ''
             আগতে কণ কণ মইনাহঁতে বেছিভাগ সময় ধূলি- বালি , মাটি , পথাৰতেই তেওঁলোকৰ শৈশৱ গঢ়ি তুলিছিল । বৰ্তমান ল'ৰা ছোৱালীবিলাকৰ শৈশৱ গঢ়াতো দূৰৰে কথা , নিজৰ লগতে অলপ সময় কটাবলৈ নাপায় ‌। মাক দেউতাকৰ লগত অলপ বহি কথা পাতিবলৈ আজৰি নাই । ইয়াৰ কাৰণ সকলোৱে প্ৰতিযোগিতাৰ অভিমুখে গতি কৰিছে । ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে স্কুল, টিউচন, গানৰ ক্লাছ, আৰ্ট ক্লাছ , ডান্সৰ ক্লাছ ইত্যাদিবোৰ তেওঁলোকৰ জীৱনত সোমাই পৰিছে । 
          ব্যস্ততাৰ মাজত আমি নিজকে ইমানেই সুমুৱাই ৰাখিছো যে জীৱনটোক পৰিপক্ক বনোৱাৰ যুঁজত নিজকেই হেৰুৱাই পেলাইছোঁ । এই ব্যস্ত জীৱনত কেতিয়াবা কেতিয়াবা নিজৰ সম্পৰ্ক সমূহো ঠুনুকা কৰি পেলাইছোঁ । ব্যস্ততাৰ পৰা পৰিত্ৰাণ পাবলৈ কেতিয়াবা মনৰ উচ্চাকাংক্ষী পোছাকযোৰ খুলি পেলাই দিবলৈ মন যায় । কিন্তু, ব্যস্ত নগৰীৰ যন্ত্ৰৱৎ জীৱনৰ প্ৰতিযোগিতাত আমাৰ ব্যস্ত মনৰ উচ্চাকাংক্ষী পোছাকযোৰ খুলি পেলোৱাটো বৰ্তমান বহুত কঠিন। 
         এই ব্যস্ততাৰে ভৰা জীৱনটোত আমাৰ সময়বোৰ বৰ কম। যি অকণ সময় পোৱা যায় , সেই সময় কণত আমি নিজক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিব পাৰিব লাগিব । আমি মানৱ প্ৰকৃতিতো বহুত আশাবাদী । ব্যস্ততাই মানুহৰ মনবোৰ কোঙা কৰিলেও দুখৰ পাছত লাভ কৰা সুখখিনিৰ কথাহে আমি ভাৱো ।অত্যাধিক ব্যস্ততাই আমাৰ মন , আত্মা স্বাস্থ্য তিনিওৰে বাবে ক্ষতিকাৰক । সেইহে যি অকণ সময় পোৱা যায় নিজৰ লগতে পৰিয়াল তথা আত্মীয় স্বজনৰ সৈতে কটাবলৈ চেষ্টা কৰিব লাগে । ই আমাৰ মনলৈ এক ভাবিব নোৱাৰা সজীৱতা কঢ়িয়াই আনে । ব্যস্ততাৰ 
মাজত বৰ্তমানৰ সময়খিনিক উপভোগ কৰিবলৈ শিকাতো আমাৰ এক উদ্দেশ্য হোৱা উচিত । বৰ্তমানৰ সময়ে আমাক ইয়াকে শিক্ষা দি গৈছে । 
                            
পল্লৱী দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)