NBH হোষ্টেলৰ বাহিৰে ভিতৰে -সূূৰজ বৰগোহাঁই

©Admin
0
সন্ধ্যা হ'লে কলেজ চাৰিআলি 
কলেজীয়া ডেকা গাভৰুৰে ভৰি পৰে,
মমহাউচ,কফি হাউচ, বনৰীয়া পাকঘৰ
আদিত যৌৱনৰ ভৰ দুপৰীয়াৰ আড্ডা চলে।

মায়াময় চহৰৰ পোহৰত সিহঁতৰ 
কি যে উজ্জ্বল যৌৱন,
চকুৰ চাৱনিত কাৰ বুকু ভাঙে
কোনে হিচাপ ৰাখে.....?

ভাগৰুৱা ৰাতিৰ বুকুত
শেৱালী সৰে। গাৰ্লছ হোষ্টেলৰ
খিৰিকী সমুখত কাৰ দুপাত্তা উৰে ?

সৰস্বতী আহে প্ৰেমৰ দিনত
ৰং বিৰঙৰ ফুটুকী হৰিণী চৰে
দেৱদাৰু ,পলাশ, কৃষ্ণচূড়াৰ তলে তলে...।

কাৰোবাৰ ভঙা কলিজাত কুলিয়ে কান্দে
কাৰোবাৰ প্ৰেম সাগৰত পখিলা নাচেঁ,
হোষ্টেলীয়ানৰ হৃদয় যে কিমান ভঙা - গঢ়া
আহিলে গম পাব NBH (New Boys Hostel)'লে...।

ৰোম নং ১১৩ ৰ কাহিনী শুনিব?
শুনাম এদিন - 
ধমকত পেপুৱা লগা প্ৰথম হোষ্টেলীয়ান কেইটাৰ কাহিনী,
তাৰপিছত ক্ৰমে- 
নাচ-গান , ইনট্ৰʼডাকচন, ইলেকচন, 
ৰাধা- কৃষ্ণৰ লীলা, কংস-দৈৱকীৰ ভাওনা
আৰু বহুত কিবাকিবি -

শুনিব...,
শুনাম এদিন
এই গোটেই বিশ্ববিদ্যালয়খনৰে আত্ম কথা 
হোষ্টেলৰ বাহিৰে ভিতৰে ঘটা সকলো কথা।।

                                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)