তিতিক্ষু-ধনঞ্জয় দাস

©Admin
0
শূণ্যতাৰ মাজেৰেই অতিক্ৰম ক্লেদাক্ত সময়ৰ আৰু এটি পল 
বিমৰ্ষ জীৱশ্ৰেষ্ঠৰ মৌন কোলাহল
আন্ধাৰ আঁতৰি গ'ল ।
শ্ৰান্তিবিহীন জীৱনধাৰাৰ
যাত্ৰাৰম্ভ হ'ল ।
পাবলৈ হ'ল অনুৰ্বৰ মগজুৰ
মেহনতি জনতাৰ খুচুৰা খবৰ
জীপাল হয় সেউজীয়া সপোন
আৰম্ভ হয় তেজঘামৰ কৰুণ মালিতা
বোকা আৰু পানীৰ কবিতা ।
সাতামপুৰুষীয়া নিঃস্ব শিক্ষা
কোৰ কুঠাৰ দা কাঁচিৰ দীক্ষা
উদয়াস্ত পৰিশ্ৰম অহৰহ
বিবৰ্ণপ্ৰায় চলন্ত বিগ্ৰহ
ঘৰ্মাক্ত শৰীৰত আকালৰ দাগ
যান্ত্ৰিকতাৰ অন্তৰালত
দুৰ্বিষহ জীৱন আলেখ্য ।
ছয় ঊৰ্মীহেন অদৃশ্য পৰ্বতৰ
পাদদেশত স্থানু জীৱন ।
ভোকাতুৰ তৃষ্ণাতুৰ পীড়িতজনৰ
দুৱাৰডলিত বাৰমাহেই ৰোজা
জৰায়ুত হ'লে কোনো দোষ নাই
পৰিয়ালৰ প্ৰয়োজন পুৰাই
শিলভঙা কাৰখানাত যায়
কিন্তু ম্ৰিয়মান সমাজত
অদ্ভূত কলাসুলভ প্ৰক্ৰিয়াত
পেটৰ জুইত জাহ যোৱা
জীৰ্ণ শীৰ্ণ অৱয়বটোৱেও
প্ৰেমময়ী বাসন্তী ৰূপ পায় ।
অন্ধকাৰ গলিৰ মহিয়সী নাৰী
নাৰকীয় বানত উটি যায়
কিয়নো বিবস্ত্ৰ হয় মানৱতা
সমাধিস্থ হয় সমতা ।
অসমতাৰ মাজেৰেই ক্ৰমবৰ্ধমান
অস্তিত্ব ৰক্ষাৰ তুমুল সংগ্ৰাম ।
কাৰণ সংবিধানৰ পাততে মূৰ্ছা যায়
সমতাৰ অধিকাৰ
শোষণৰ বিৰুদ্ধে অধিকাৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)