অনুৰাগ**সূৰজ বৰগোঁহাই

@admin
0
তোমাৰ ছায়া বিচাৰি নাখাওঁ আৰু হাবাথুৰি 
দুখৰ চকুলোৰে নাচাওঁ তোমাৰ সেউজ স্মৃতি ...

অচিনাকী নহওঁ মই ,
 দুখবোৰ সামৰি 
শুনিছোঁ অন্তৰৰ সমবেত সুহুৰি..

ধ্যানৰ সিপাৰে ৰাখিছোঁ তোমাক 
মন গ'লে মুক্ত পখী হৈ আহিব পাৰা মোৰ কাষলৈ জোনাক 

অবাঞ্চিত আসোঁৱাহবোৰ আঁতৰাই দিম মনৰ পৰা 
যদি বিচাৰা পঢ়ি লʼব পাৰা মোক,

এটাই ভাষা হেজাৰ অনুভৱ
প্ৰকাশ কৰিব নোৱাৰোঁ সকলো 
শব্দ যে মোৰ নিচেই তাকৰ...

নোকোৱাকৈ যদি বুজি পোৱা 
নাথাকিব মোৰ কোনো ভাগৰ।।

            ‌ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)