আমি সকলোৱে জানোঁ কিছুমান কথা ** সংযুক্তা দত্ত ।

@admin
0
আমি সকলোৱে জানোঁ  কিছুমান কথা  ।  তাথাপিও কিছুমান কাম আমি নজনাকৈ কৰি থাকোঁ । যিয়ে কেৱল আমাকেই ক্ষতি কৰি থাকে । আমি নজনাকৈয়ে ।  আমাৰ জীৱনৰ কাৰণে ক্ষতিকাৰক কিছুমান কথা বা কিছুমান কামৰ বিষয়ে আকৌ এবাৰ জানি লওঁ আহক --   

১) খং -- আমাৰ বুদ্ধি নষ্ট কৰি নিজৰ ক্ষতি কৰে।

২)  জেদ -  আপোনাৰ প্ৰিয় ব্যক্তিকো অপ্ৰিয় কৰি তোলো। জেদত পৰিলে ককাই - ভাই, বাই -ভনী, মিতিৰ -কুটূম , বন্ধু -বান্ধৱ আদি কোনো সাৰি নাযায় ই কাকো চিনি নাপায় । অৰ্থাৎ জেদে  আমি নজনাকৈ আমাৰে ক্ষতি কৰে । 

৩) হিংসা-- আনক লৈ কৰা যায়। ক্ষতি নিজৰ হয়। 

৪) অহংকাৰ -  জীৱন নষ্ট।
নিজক লৈ কৰা হয় যাৰ দ্বাৰা পতন নিজৰে হয়। 

৫) পৰৰ্চচা - আপুনি যাৰ আগত কৰিছে  সেইজনে আপোনাক লৈ কৰিব ।

৬) নিন্দা -  সদায় উভতি আহে । 

৭) শব্দ - ক'ব জানিলে অমৃত  আৰু নাজানিলে কাড় সদৃশ ।

        এইসমূহে আমাৰ নিজৰ ক্ষতি কৰি থাকে আমাৰ অজানিতে ।

   কিছুমান কামে আমি নজনাকৈয়ে কেৱল আমাৰে ভাল কৰি থাকে ----  সেই সমূহৰ বিষয়ে জানোঁ আহক -- 

১) ধৈৰ্য্য--- সকলো কাম কৰিবলৈ ক্ষমতা দিয়ে। 

২) প্ৰশংসা - কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাই থাকে। 

৩) সহযোগিতা -- সকলোকে সমানে আগবঢ়াই নিয়ে ।

৪) আত্মবিশ্বাস -  নিজক সবল কৰি ৰাখে। 

৫) বিশ্বাস - এক শক্তি ।

৬) আত্মসন্মান -  সহজতে নেহেৰুৱাব । 

            এইসমূহে আমাৰ জীৱনটো সমৃদ্ধ কৰি তোলে। 
    
              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)