অভিমানী বৰষুণজাক•খণ্ড ০২ -দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
হাতত ডায়েৰিখন লৈ শিখাই কিবাকিবি লিখি আছে। এবাৰ এপলক দৃষ্টিৰে খিৰিকীৰেদি জুমি চাইছে বাৰীৰ চুকটোলৈ।থৰ হৈ চাওঁতে হাতৰ পৰা কলমটো পৰি গ'ল। আকৌ কলমটো তুলি লৈ লিখি শেষ কৰিলে আধৰুৱা হৈ ৰোৱা সঁচা কাহিনীৰ শিৰোনামটো।উশাহটো দীঘলকৈ ল'লে তাই।দূৰৰ পৰা যেন অচিনাকী চৰাইজনীয়ে তাইকে চাই আছে ৰ লাগি।পশ্চিমত মাৰ যোৱা ৰঙা বেলিটো একেবাৰে নোহোৱা হ'ল। দীঘল চুলিকোচা মেলি তাই তেনেকৈ বহি থাকিল কিছুপৰ। তাইক নেদেখি বায়েকে বিচাৰি আহিল।
•••••• অ তই ইয়াতে বহি আছ!মই মাৰ লগত গলি বুলিহে।
•••••• মাই নিনিলে মোক।
•••••• চাওঁ কপালখন জ্বৰ কমিছে নাই।
•••••• নাই অ বেছিহে হৈছে!মা কেতিয়া আহিব?
•••••• ৰহ আহিব ...!ফোন কৰিছিলোঁ।
•••••• অ বা!
•••••• উম ক!
••••• মোৰ যে বেয়া লাগিছে।
•••••• কি পোৱালি। মনটো বেয়া লাগিছে নেকি?
•••••• উম ! গাটো বেয়া লাগিছে।শুই লও অলপ।
••••• ঠিক আছে বল।ভাত খাবলৈ উঠাই দিম অলপ শুই লবি ।
•••••• উঠাই দে চোন মোক।
•••••• লাহেকৈ উঠ! চাবি দুখ পাবি।
••••• কথা এটা কও।
•••••• কি কথা ক আক।
•••••• মোৰ যে গা বেয়া হ'লে ভাল নালাগে।
••••••কিয়?
•••••• এনে!
•••••• কি এনে।
•••••• মাই যে অভিমানী বৰষুণজাকত তিতিবলৈ নিদিয়ে সেইবাবে।
•••••• একো নহয় ভণ্টি।ভাল হ'লে তিতিবি আক হ'ব।
••••• উম হ'ব! মই পাৰিম যাব তই যা।

ঘৰখনত মাথোঁ সিহঁত দুজনী আৰু মাক ।শিখাক স্বাস্থ্যই লগ নিদিয়া বহু মাহেই হ'ল। লাহে লাহে তাইৰ কলেজ,সপোন,ভাললগা কাম সকলো বাদ পৰিল।ঘৰখনতে সোমাই থাকে বেছি সময়।কেতিয়াবা পাৰিলে মাক আৰু বায়েকৰ লগত অলপ ওলাই যায়। কিবাকিবি কথাবোৰ ভাবি থাকোঁতে কেতিয়া তাই টোপনি গ'ল গমকেই নাপালে। টোপনি যোৱাৰ পিছত বায়েকে আহি কাপোৰ দি দিলে। তাই শুৱাৰ পিছত বায়েকে কান্দিবলৈ ধৰিলে।মাকো আহি পালে সেইসময়তে।চকুলো মোহাৰি তাই দৰ্জাখন খুলিবলৈ গ'ল।
•••••• কি হ'ল মা।ঠিক হ'লনে?
•••••• কতনো ঠিক হ'ব।শিখাৰ আগত এইবোৰ নকবি দেই।তাই দুখ পাব।
•••••• ঠিক আছে হ'ব।তাই শুই আছে। আকৌ জ্বৰ হৈছে।ভাত হ'ল।খাবলৈ উঠাই দিম।দৰৱ খাই আকৌ শুই যাব।
            ভাত পানী খাই তিনিওজনী শুই থাকিল একেটা ৰূমতে।

আগলৈ......

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)