কল্পনাৰ কৰ্ষণত গঢ়া
এক সু-গভীৰ চিন্তাৰ
নীলিম ছবিখনত………
ধৰি ৰাখিব পৰা সৃষ্টিশীলতাক
বাস্তৱলৈ ৰূপ দিয়াৰ …
সঠিক মাপকাঠি ডাল……
দাপোণ ভগা দি কাহানিবাই ভাগিল ৷
দপ্-দপাই থকা এই সুঠাম দেহটোৱে…
বাহঁৰ গঁজালিৰ দৰে আকাশ চুই চোৱাৰ
হেঁপাহটোৰ দৰে গোঁজ ল'লেও……
বাঁহৰ গুৰিটো বুঢ়া হ'লে……
আগলিটো হালি পৰাৰ দৰে…
মনটোও হালি পৰিল ৷
চিন্তাবোৰক সাৱটি… ……
সপোনৰ জখলাত মনটোৱে উঠিলেও
শৰীৰটোৰ আপত্তি আৰু একমাত্ৰ প্ৰতিবাদত…
সামৰি-সোতৰি আশাৰ টোপোলাবোৰ
ধোঁৱাচাঙৰ টেকেলীত……
লোণ মলঙা দি মলঙিল।
▪️জ্যোতিষ্ক বৰুৱা, নামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ