উতলা নদীৰ শান্ত পাৰটিত এটি ভাঙো ভাঙো গড়া আছে , তাৰে ওপৰত সন্মূখলৈ দৃষ্টি দি মই ৰৈ আছোঁ,
কুহেলিকাৰ লগত ঘনিষ্ঠতা বঢ়োৱা পাহাৰখনক নিজৰ লগত তুলনা কৰি ।
জীৱনৰ পোৱা নোপোৱা টোপোলাটিক বন্ধনমুক্ত নকৰাকৈ একেথৰে চাই থকাৰ সময় এইয়া ।
হৰীতকীৰ দাগৰ দৰে মোৰ কেঁচা কলিজাত আঁচোৰ পেলালে তোৰ স্বাৰ্থৰঞ্জিত মৰমে ।
মগজুক ৰিপুৱা লগাবলৈ পঠিয়াইছিলো ,
নিচাসক্ত হৈ উভতি আহিছিল ।
তই মোৰ এক জীঁয়া প্ৰহেলিকা আছিলি ,
যাৰ আচ্ছাদনত মোৰ যৌৱনে ভাটি দিলে ।
তোৰ সান্নিধ্যৰ সোঁতত পাৰাপাৰ হৈ গৈছিল মোৰ সমস্ত অভিমান ।
এতিয়া গড়াটিলৈ পিছমুৱা দিছোঁ,
সন্মূখত কেবল কেঁচা ধানৰ পথাৰ ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ