এন্ধাৰত মই নাজানো !
এতিয়া বুকুৰ মাজুলীত পাৰ ওপচা বান,
আমি এখোজলৈ গতি লৈ আকাশৰ তলেৰে আকৌ ঘৰলৈ ওভতো ।।
আহোঁতে-যাওঁতে বহুত কথা
যাত্ৰাত নাই কি !
নিৰন্তৰ সৌন্দৰ্য্যৰ জেউতি চৰাই থকা চাংঘৰকেইটি
যাত্ৰাত নাই কি—
বাটে-পথে লগ পাও শিপাৰ মানুহ
আৰু?
আৰু সহজ ভাষাত আমি চকুৰে নেদেখা নদী পাহাৰৰ হাঁহি ।
এজাৰৰ গমনত মেটেকাৰ গুলজাৰ লৈ বান আহে ।
এইবোৰ জীয়াই থাকে এইবোৰ সাৰে থাকে,
চিন্তাৰ বঙিয়াত ফুল এপাহ মলঙি বৰষুণৰ দৰে সৰে, কথাবোৰ সাৰে থাকে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ