অ' মোৰ প্ৰিয়জন**অনন্ত কুমাৰ ভূঞা

@admin
0
অ' মোৰ প্ৰিয়জন
তুমি হে'ৰালা ক'ত 
বিচাৰিছোঁ‌ মনৰ মাজত ।

ওচৰতে আছোঁ‌ মই,
অনুভৱত লুকাই 
চুইচোৱা হৃদয়তে পাবা।

অ' মোৰ প্ৰিয়জন,
হেঁ‌পাহ কিমান গধুৰ 
তুমি কিয় বুজি পোৱা নাই ?

গোপনে লুকাই আছোঁ‌ 
মৃদু মলয়াৰ মাজত  
বিচাৰিলে হিয়াতে পাবা ।

অ' মোৰ প্ৰিয়জন 
হেৰুৱাব নিবিচাৰোঁ‌ তোমাক
কাষলৈ কিয় নাহা তুমি ?

জোনাক কোমল ভাৱনাত
উমলি আছোঁ‌ মই ,
পোহৰ আহিলে বিচাৰি পাবা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)