পদুম ফুলৰ দেশ** শিল্পী দাস (প্ৰিয়)

@admin
0
সেই অচিন গাঁওৰ পুখুৰী পাৰত
পদুম ফুলৰ দেশ,
গৈছিলোঁ এদিনা সেই বাটেদি
দেখিছিলোঁ মনমোহা এক পৰিৱেশ।

মৰুভূমিৰ সান্নিধ্য হৃদয় মোৰ
চকুজুৰিত পদুমৰ ৰূপ দেখি,
কলিতেই মৰহুি যোৱা হিয়াখনেও
আকৌ মেলিব ধৰিছিলে আঁখি।

কোমল, পৱিত্ৰ, সৌন্দৰ্য ভৰা 
প্ৰেম-প্ৰৱাহিনী জগতৰ;
মই প্ৰিয় পখিলা হৈ
গাত চুমিছোঁ প্ৰতিটো পদুমৰ।

কাল্পনিক চকু-মন মোৰ
সপোনৰ শহৰৰ পৰী হৈ,
পদুম ফুলৰ দেশত বহি
আছিলোঁ প্ৰেমিকৰ অপেক্ষাত ৰৈ।
                   
পদুমৰ পাতে পাতে ফুলে ফুলে
প্ৰেমৰ আবেগত নাচিছিলে,
মোক থিয় দি থকা দেখি
সুখৰ পৰশ উপভোগ কৰিবলৈ মাতিছিলে।

         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)