অবুজ কবিতা-ৰাহুল চেতিয়া

©Admin
0
বহু বিৰষসসতিৰ মূৰত মোৰ কবিতাত
শব্দ বোৰে প্ৰাণ পাই উঠিছে,
উকা কাগজত 
কলমত চিয়াঁহীৰে
সপোন দেখিব খুজিছে।
মোৰ আঙুলিৰ পৰশত পৰশিত হৈ
শব্দৰ যাদুকৰী অস্ত্ৰ পাটে,
কল্পনাৰ সাগৰত সাঁতুৰিব বিচাৰিছে।
বহুবাৰ চেষ্টা কৰিও 
 বাৰে বাৰে বিফল হৈছোঁ
কিয় জানো আজি
শব্দবোৰ ইমান মৌন?
কলমৰ গভীৰ নিদ্ৰা ভাৱত
শব্দ বোৰে অগা-দেৱা কৰিছে
মন মগজুত।
শব্দই যদি ভাৱনাক প্ৰশ্ৰয় দি 
কবিতা ৰচে,
অনুভৱ বোৰেও আপ্ৰাণ চেষ্টা কৰিব
কলমৰ পৰশত কাগজৰ বুকুত 
নিদ্ৰামগ্ন হ'বলৈ।
কলমৰ পৰশত শব্দ বোৰে
হাঁহাকাৰ লগাব 
অবুজ ভাবনাবোৰক ,
নিগৰিব ধৰিব কলমৰ উশাহত
শব্দৰ সেমেকা দুচকুৰ মৰহা হাঁহি.........



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)