আমি নতুন প্ৰজন্ম-মোকছিদুল আলম

©Admin
1
আমি নতুন প্ৰজন্ম,
আমি মিহি সামগ্ৰী 
নতুন সৃষ্টিৰ।
আমি হাঁহৰ দৰে গৌৰৱেৰে খোজ কাঢ়ো
নতুনকৈ মানৱ সৃষ্ট হ্ৰদবোৰৰ আঁৰত, 
আমি নতুন প্ৰজন্ম।
আমি ইংৰাজ খেদা বংশধৰ,
পূৰ্বপুৰুষসকলতকৈ দ্বিগুণ শক্তিশালী ।
নদীৰ মৰা মাছতকৈ চতুৰ,
আমি নতুন প্ৰজন্ম।
পৃথিৱী আমাৰ জাতি।
ঐক্য পৃথিৱী সৃষ্টি,
নৱ প্ৰজন্মৰ কৃষ্টি।
দেশ মাতৃৰ হকে প্ৰাণ,
দিলোঁ আত্ম দান।
পুৰণা খেদি কৰিলোঁ,
নতুনত্বৰ সন্ধানত।
এইটো আমাৰ শতিকা,
আমি নতুন প্ৰজন্ম।।



Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment