তুমি মাথোঁন স্মৃতি নহয়--দিপশিখা ৰাজকোঁৱৰ

©Admin
1
কিয় গুছি গলা অ তুমি 
তোমাৰ স্মৃতিবোৰ সাৱটি
কিমাননো আৰু শান্তনা দিম 
বহুত মনত পৰে তোমালৈ
তোমাৰ লগত পাৰ কৰা
সেই কেইটামান বছৰতকৈ
তোমাক হেৰুৱা বছৰ আজি
তাতকৈ বেছি হ'ল দেউতা।
কেতিয়াবা জানানে দেউতা
 তোমাক মাতিবলৈ মন যায়
তোমাক কাষত বিচাৰি 
বাৰে বাৰে কোনেও নেদেখাকৈ
উচুপি উঠি নিজকে মৌন কৰি
ৰাখিবলৈ চেষ্টা কৰোঁ
কিন্তু শোকে খোন্দা মাৰি ধৰিলে
ব্যৰ্থ হৈ পৰোঁ অ দেউতা ।
দুচুকু মেলি তোমালৈ অপেক্ষা কৰোঁ
আৰু দুচকু জপালেই তোমাক
সপোনত দেখোঁ
সৰুতেই তোমাক হেৰুৱালোঁ
কিমান বছৰ তোমাৰ অবিহনে
আহি আহি আজিৰ পৰ্যায় পালোহি।
এবাৰ চোৱাচোন দেউতা
মনত পৰে অ দেউতা তোমালৈ 
 তুমি কেতিয়াও মোৰ বাবে
কেৱল স্মৃতিয়ে নহয় দেউতা
কিয় গুছি গলা দেউতা
ইমান সোনকালেই অচিন দেশলৈ
অকণমান সময় ৰব নোৱাৰিলানে
কিয় দেউতা..... কিয় তুমি
এবাৰো নাভাবিলা দেউতা
তোমাৰ অবিহনে থকাটো
কিমান কষ্টকৰ হৈ পৰিব
তুমি এৰি যোৱা স্মৃতিবোৰে
আজি বৰকৈ আমনি কৰে 
অভিমানী হৃদয়ত জীয়াই ৰাখিছোঁ
তোমাক সযতনে দেউতা 
সদায় থাকিবা কোনেও
মোৰ আলফুলীয়া হৃদয়ৰ পৰা
আঁতৰাই নিব নোৱাৰাকৈ
তুমি মাথোঁ স্মৃতি নহয় দেউতা।


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. "তুমি মাথোঁন স্মৃতি নহয়" কবিতাটিয়ে হৃদয় চুই গ'ল ।

    ReplyDelete
Post a Comment