যুযুৎসু -- ৰীতে ৰিদম

©Admin
0
মই যুযুৎসু
জেহাদ ঘোষনা কৰক
যুদ্ধক্ষেত্ৰত যুদ্ধকাছে ওলাই আহিছোঁ
সেনা বাহিনীৰ সাজত
মুক্তি যুজাৰুৰ শপত
ৰুদ্ধদ্বাৰ খুলিব খুজিছোঁ 
ন্যায়ৰ নামত।

মই যুযুৎসু,মই নিৰ্ভীক
শ্বহীদ হ'বলৈ,দেশৰ মাটিত লীন হ'বলৈ
অন্যায় আৰু অত্যাচাৰী
প্ৰৱঞ্চক আৰু প্ৰতাৰকৰ হাতত
তুলি দিয়ক অত্যাধুনিক চোকাস্ত্ৰ
মাথোঁ জেহাদ ঘোষনা কৰক।

মই বদ্ধপৰিকৰ, পক্ষপাতিত্ব আজীৱন 
বিজয় ধ্বজা উৰুৱালৈ
দ্বিধাবোধ নকৰোঁ সিহঁতৰ হাতত ধূলি হ'বলৈ
মাথোঁ জেহাদ ঘোষনা কৰক।

মই যুযুৎসু,মই নিৰ্ভীক,
মই সত্যাগ্ৰহ,মই সষ্টম 
মোৰ বুকুত অক্ষয় শক্তি 
যাৰ শক্তিত হ'ব সিহঁতৰ যুগান্ত
ৰাতি পুৱাব এটি যুগান্তৰ 
যি থাকিব যুগ যুগ ধৰি
শান্তি আৰু ন্যায়ৰ নামত 
নৱ প্ৰজন্মৰ হাতত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)