জোনাকী'ৰ জোনাক লক্ষ্মীনাথ বেজবৰুৱা- ঈপ্সিতা কন্দলী শৰ্মা

©Admin
0
অসমৰ জাতীয় জীৱনৰ এক মহৎ সম্পদ হ’ল ‘জোনাকী'। ‘জোনাকী'ৰ আগকথাত চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল “ অলপ জোনাক সুমুৱাব নোৱাৰিলেও,যদি নিজে নিজেও যত্নৰ ফিৰিঙ্গতিৰ পোহৰত বাট পাঁও তেনে আমাৰ শক্তিৰ মিছা ব্যয় নাই বুলি ভাবিম। আমি জানো আমাৰ দেশ শিক্ষাত পাছ,জ্ঞানত ভিখাৰী,ধনত দুখীয়া, সংখ্যাবলত শক্তিহীন,স্বাস্থ্যত ৰুগীয়া,কামত এলেহুৱা ও পৰাধীন- কিন্তু আমি নিজ শক্তি অনুযায়ী হে কামত হাত দিব পাঁৰো। ...আমি যুঁজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য, দেশৰ উন্নতি, জোনাক। “   এই ‘জোনাকী’ আলোচনীৰ লগত অবিৰত আৰু একাত্মভাৱে জড়িত হৈ আছিল বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াৰূপে পৰিগণিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা । লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ জীৱন-সোঁৱৰণত লিখিছে -  “কলিকতাত থকা অসমীয়া ছাত্ৰসকলৰ ‘টি পাৰ্টি’ (অৰ্থাৎ চাহ খোৱা মেল) নামেৰে এখন সন্মিলনী আছিল।সেই সন্মিলনী প্ৰতি শনিবাৰে গধূলি অসমীয়া ডেকাসকলৰ কোনো এটি বহাত বহি সেইসকলৰ মাজত পৰস্পৰ সদ্ভাৱ- প্ৰীতি আদি উৎপন্ন কৰাৰ প্ৰধান উপায় সাধিছিল আৰু সেই সুযোগতে তাত দেশহিতকৰ ভাল ভাল বিষয় বিলাকৰ অলপ অলপ আলচ হৈছিল।  সেই আলচৰ ফলস্বৰূপে ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ৰ (অ. ভা.উ. সা. স.)জন্ম হয়। পৃথিৱীৰ ইতিহাসলৈ চকু দিলে দেখিবলৈ পোৱা যায় যে এই জগতত যতবিলাক ডাঙৰ ডাঙৰ কাৰ্য্যৰ অনুষ্ঠান হৈছে প্ৰায় সকলোবোৰৰ উৎপত্তিৰ সূত্ৰপাত এনে সৰু কাৰ্য্য বা ক্ষুদ্ৰ ঘটনাৰ পৰা হৈছে। 
অ. ভা.উ.সা.সভাই নিজৰ উদ্দেশ্য স্পষ্ট ভাষাৰে প্ৰকাশ কৰি কৈছিল:  “ এই সভাৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ আধুনিক সাধনাৰে অসমীয়া জাতীয়তাক সমৃদ্ধ কৰা আৰু প্ৰতিষ্ঠা কৰাই আছিল ‘জোনাকী’ৰ লক্ষ্য। । “ ‌ ‘জোনাকী’য়ে অসমীয়া ভাষাত পূৰ্বে নথকা এটি নতুন সাহিত্য -ধাৰাৰ আৰম্ভণি কৰাই নহয়, প্ৰতিষ্ঠাও কৰিলে; সেই ধাৰাটো হ’ল বেজবৰুৱা- প্ৰতিষ্ঠিত অসমীয়া চুটিগল্পৰ ধাৰা। “সেউতী” নামৰ বেজবৰুৱাৰ গল্পটিয়েই অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প।  আধুনিক অসমীয়া সাহিত্যত কেইবাটাও ধাৰাৰ প্ৰৱৰ্তন কৰিলে লক্ষ্মীনাথ বেজবৰুৱাই, আৰু এই আটাইকেউটি ধাৰাৰ আৰম্ভণি ঘটিল ‘জোনাকী' পাততে।  ‘জোনাকী'ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাৰ পৰা ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা “লিতিকাই” ,নামৰ ধেমেলীয়া নাটকখনে হাস্যৰসাত্মক নাটকৰ বা ধেমেলীয়া নাটকৰ এটা নতুন ধাৰাৰ আৰম্ভণি কৰে।সেয়া হ’ল বেজবৰুৱাৰ -প্ৰতিষ্ঠিত অসমীয়া চুটিগল্পৰ ধাৰা। বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত, অৰ্থাৎ ১৮৯২ খ্ৰী:ৰ মে’ৰ সংখ্যাত প্ৰকাশিত “সেউতী” নামৰ বেজবৰুৱাৰ গল্পটিয়েই অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প । ‘সেউতী’ ভাৰতীয়  সমাজৰ চিৰাচৰিত নাৰী-নিৰ্যাতন আৰু অন্ধবিশ্বাসৰ আধাৰত লিখা এটি মৰ্মন্তুদ গল্প।  ‘জোনাকী'ত লক্ষ্মীনাথ বেজবৰুৱাই চুটিগল্পৰ আৰম্ভণিও কৰিলে আৰু তেৱেঁই একমাত্ৰ গল্পকাৰ হৈও থাকিল। ‘  বেজবৰুৱাদেৱে প্ৰধানকৈ মানুহৰ মানৱীয় দোষ-দুৰ্বলতা আৰু ক্ৰুটীক ৰচনাৰ আধাৰ কৰি লৈছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জোনাকী'ৰ পাততে আৰম্ভ কৰা আনটো ধাৰা হ’ল হাস্য- ব্যঙ্গৰ ধাৰা। জোনাকীৰ পাততে জন্ম হৈছিল ‘কৃপাবৰ বৰুৱা’ৰ (পিছত ‘কৃপাবৰ বৰবৰুৱা হৈছিল) । ব্যংগ আৰু হাস্য ৰচনাৰ ধাৰাটিক নতুন মাত্ৰা প্ৰদান কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই।   “লম্বোধৰ বৰাৰ ‘সদানন্দৰ কলাঘুমতি’ বা হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি’ আৰু ‘কানীয়াৰ কীৰ্ত্তন’ নাইবা গুণাভিৰাম বৰুৱাৰ ‘কঠিন শব্দৰ ৰহস্য ব্যাখ্যা ‘ আদিৰ দৰে ৰচনাই যদিও হাস্য আৰু ব্যংগ ৰচনাৰ বাট কাটিছিল তথাপি বেজবৰুৱাই এই ধাৰাটিক দান কৰিলে নতুন চৰিত্ৰ আৰু নতুন আয়তন। ব্যক্তি আৰু সমষ্টিৰ দোষ-ক্ৰুটী তেওঁৰ চকুৰ পৰা সাৰি যোৱা নাছিল; কিন্তু তেওঁৰ ৰচনাত ক’তো পোনপটীয়া আক্ৰমণ নাছিল,যাৰ ফলত সমালোচিতজনেও তেওঁৰ ৰচনা পঢ়ি ৰস পোৱাৰ বাট ওলাইছিল। “ ( জোনাকী: ভূমিকা)
     লক্ষ্মীনাথ বেজবৰুৱাৰ বেচিভাগ শ্ৰেষ্ঠ গল্প সাধাৰণ মানুহৰ কথাৰে ভৰা। ‘ভদৰী’ , ‘বাপিৰাম’ , ‘নকওঁ’ আদিত এই কথা স্পষ্টকৈ দেখা দিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ বিচিত্ৰ অভিজ্ঞতাৰ পোহৰত উদ্ভাসিত  চুটিগল্পৰ চৰিত্ৰসমূহ অতুলনীয় । দৈনিক লগ পোৱা চৰিত্ৰসমূহতে তেওঁ অসাধাৰণ পৰ্যবেক্ষণ ক্ষমতাৰ সহায়ত পাহৰিব নোৱাৰাকৈ অংকিত কৰি একোটা বিশেষ পৰিস্থিতিক উদ্ভাসিত কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৃতিৰ বিষয়ে অতুল হাজৰিকাৰ ভাষ্য-  “সেইকাৰণে সমাজৰ লগে লগে বেজবৰুৱাৰ কোনো কোনো চৰিত্ৰক চিনি পোৱা টান হ’ব,তাৰ পৰিবেশো আচহুৱা যেন লাগিব। কিন্তু তেতিয়াও সকলোবোৰ গল্পৰ মূল্য যে হ্ৰাস হ’ব আৰু সাহিত্যৰ মাদকতা নাইকীয়া হৈ যাব তেনে বুলি নাভাবো ।  জীয়া সমাজ এখন পৰিবৰ্তনশীল হ’বই লাগিব কিন্তু সমাজ মৰিলেও যে তাৰ লগতে ভাল সাহিত্যৰো সহমৰণ হ’ব এনে কথা নহয়।”  ( বেজবৰুৱা গ্ৰন্থাৱলী : ১ম খণ্ড,পৃ ছ) ।  লক্ষ্মীনাথ বেজবৰুৱাৰ ‘চোৰ’ সামাজিক দৃশ্যপটত নিবদ্ধ হোৱা এটা উল্লেখযোগ্য গল্প।  বেজবৰুৱাদেৱৰ গল্পত নাৰীৰ পতি সহানুভূতি আন্তৰিক। নাৰীক তেওঁ বিভিন্ন ৰূপত, বিভিন্ন পৰিস্থিতিত নিৰীক্ষণ আৰু অংকন কৰিছে। ইন্দুমতী,মালতী, সেউতী, জয়ন্তী,তিলকা, ভদৰী আদি  চৰিত্ৰই অবিস্মৰণীয় চৰিত্ৰ হৈ ৰৈছে গল্পত ।  

   “ বেজবৰুৱাদেৱৰ শ্ৰেষ্ঠ গল্পসমূহ গাঁৱলীয়া পৰিবেশত সাধাৰণ মানুহৰ জীৱনত আশ্ৰয় কৰি লিখা। চহৰীয়া জীৱনৰ মোহত আত্মহাৰা বৰ্তমানৰ শিক্ষিত সমাজে এইবোৰ গল্প পঢ়িয়েই সন্তুষ্ট থাকিব বুলি আশা কৰিব নোৱাৰি। চমাৰচেট মমৰ মতে লেখা যিমানেই ভাল নহওক' সি দহবছৰো অধিক জীৱিত হৈ থাকিব নোৱাৰে। তাৰ পিছত তাৰ পণ্ডিতৰ গৱেষণা ঘৰত। সমসাময়িক গ্ৰাম্য জীৱনৰ সম্পূৰ্ণ ছবি এখন অকলে অংকন কৰাৰ কৃতিত্ব বেজবৰুৱাৰ আছিল। চেখভ,মোঁপাছা বা প্ৰেমচান্দ আৰু ৰবীন্দ্ৰনাথৰ স্তৰলৈ যাব নোৱাৰিলেও ভাৰতীয় লেখক হিচাপে বেজবৰুৱাই যথেষ্ট উচ্চস্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে।” ( ’বিংশ শতাব্দীৰ অসমীয়া সাহিত্য, উপেন্দ্ৰ নাথ শৰ্মা পৃ:৭১  )

    লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৃতিৰ বিষয়ত বিচাৰ-বিশ্লেষণ কৰাৰ ধৃষ্টতা আমাৰ নাই।সেয়েহে কিতাপত পঢ়িবলৈ পোৱা নানানটা অমূল্য কথাৰ মাজৰ নামমাত্ৰ তুলি ধৰিছো। কবিতাত বিশেষ পাৰদৰ্শিতা অনুভৱ নকৰা স্বত্তেও ‘কবিতা হওক বা নহওক’ বুলিয়েই কেৱল যুগৰ প্ৰয়োজনৰ অৰ্থেই লিখি গ’ল ‘আমাৰ জন্মভূমি’, ‘মালতী’,’প্ৰিয়তমা’, ‘প্ৰিয়তমাৰ সৌন্দৰ্য’, ‘ধোঁৱাখোৱা’ আদি আৰু অনেক কবিতা সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকীই কৰিল ।  ‘মোৰ জীৱন সোঁৱৰণ’ নামৰ আত্মজীৱনীখনত তেওঁ লিখিছে-  ‘মোৰ মনৰ বহল পথাৰখন বাইৰণৰ কবিতাই কোমলালে,,শ্যেলীৰ কবিতাই হালবালে,কীটছৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰ কবিতাই এনে কৰিলে যে তাত লাহী ধানৰ কঠিয়াৰতো কথাই নাই, বিহমনা কোটকৰা,পথৰুৱা বিহলঙনী আৰু চোৰাতকে আদি কৰি যিহৰে গুটি হওক পৰিলেই ভৰভৰ কৰি গজি’মোক চা’  ‘মোক চা’ কৈ উঠিব।’  
 
     অসমীয়া ভাষাৰ সমৃদ্ধিৰ বাবে এইসকল স্বনামধন্য পুৰুষে  কিমান কষ্ট কৰিছিল ! আমি মাথোঁ সেই আদৰ্শক গ্ৰহণ কৰি কাম কৰিব লাগে। অসমীয়া ভাষাৰ সমৃদ্ধিৰ বাবে আমাৰ চিন্তা-সামৰ্থৰে আমিও কৰিব পাৰোঁ বহু। ‘জোনাকী’ য়ে আমাক পথ দেখুৱালে । আমি মাথোঁ ন ন চিন্তাৰে আমাৰখিনি কৰি যাব লাগে আনৰ ভাষাক অবজ্ঞা নকৰিও নিজৰ অসমীয়া ভাষাটোৰ উন্নতিৰ বাবে সন্মানসহকাৰে  ।   আমাৰ ভাষাটোক জীয়াই ৰাখিবলৈ আমি প্ৰত্যেকেই সাহিত্য সৃষ্টি কৰিব পাৰিবই লাগিব বুলিওটো কোনো ধৰাবন্ধা নিয়ম নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি আমাৰ মাতৃভাষাক সন্মান কৰিছোনে সেই কথাটোহে। আজিৰ সমাজত ইংৰাজী মাধ্যমত পঢ়া সন্তানক যেতিয়া স্কুলত ইংৰাজী ক’ব আৰু লিখিবলৈ সুবিধা হ’বৰ বাবেই অভিভাৱকক বহু শিক্ষক -শিক্ষয়িত্ৰীয়ে ঘৰত ইংৰাজীতে কথা পতাৰ পৰামৰ্শ দিয়া মতেই  ঘৰত অভিভাৱকে আৰম্ভ কৰে সন্তানৰ স’তে খাওঁতে-উঠোতে-বহোতো ইংৰাজীত কথা পাতিবলৈ তেনে অভিজ্ঞতাই মন সেমেকাই। অসমীয়া কথা কোৱাৰ সুযোগ যদি আমাৰ সন্তানে ঘৰতেই  নাপায় উপযুক্ত সৰুকালটোতেই তেনেহ’লে অসমীয়া ভাষাটোৰ গুৰুত্ব তেওঁলোকে কেনেকৈ বুজিব? নিজ মাতৃভাষাৰ প্ৰতি অন্তৰত আদৰ তেনেকৈ হ’ব ? আকৌ যেতিয়া ভৱিষ্যতে ইংৰাজী মাধ্যমত পঢ়াৰ বাবে অসমীয়া ক’ব নোৱাৰোঁ বুলিও তেওঁলোকে সগৌৰৱেৰে বিনাসংকোচে আনৰ আগত ক’ব তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ’ব পাৰে ! ঘৰত যদি আমি আমাৰ সন্তানক অসমীয়া ভাষাৰ গুৰুত্ব উপলব্ধি কৰোৱাব নোৱাৰো তেতিয়াহ’লে ইয়াতকৈ আৰু দুখজনক,লজ্জাজনক কথা আমাৰ বাবে একো হ’ব নোৱাৰে।  এনেয়ে অসমীয়া ভাষা শেষ হৈ যাব বুলি চিন্তা কৰি লাভ নাই। আচলতে আমি প্ৰায়ভাগেই এই ভাষাটোক অবজ্ঞা কৰি আহিছোঁ  । কিন্তু এটা কথা দৃঢ়তাৰে ক’ব বিছাৰো - ‌লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে অসমীয়া ভাষাটোক অন্তৰেৰে ভালপোৱা প্ৰতিজন সাহিত্যিকৰেই সাহিত্যৰাজিক পঢ়াৰ সৌভাগ্য হোৱা সকলে আৰু আন্তৰিকতাৰে সেই সৃষ্টিৰাজিক আদৰ-সন্মান কৰা সকলে কেতিয়াও অসমীয়া ভাষাক অবজ্ঞা কৰিবই নোৱাৰে। অসমীয়া সাহিত্যক লৈ গৰ্ব কৰাৰ লগতে সেই সাহিত্যৰাজি আনৰ মাজত বিলাবলৈহে আপ্ৰাণ চেষ্টা কৰিব ।  আন্তৰিক সাধনাৰ ফল এই সৃষ্টিৰাজি। সূক্ষ্ম উপলব্ধিসহ চিন্তাৰ প্ৰকাশ কেনে সোণত সুৱগা হয়  সেই কথাও সেই সাহিত্যৰাজিয়েই আমাক অনুভৱ কৰোৱাব ।  এই সাহিত্যৰাজিয়েই যথেষ্ট আমাক অসমীয়া বুলি গৰ্ব অনুভৱ কৰোৱাবলৈ । 

             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)