শব্দ নিঃশব্দ আৰু নিঃশব্দতা-নিপু কুমাৰ দাস

©Admin
0
পানী মাটি আৰু সূৰ্য্য
কিৰণ-বিকিৰণ 
গজালি মেলি ওলাইছে নল
ৰ'দৰ ফুল ফুলা দেখি 
লাজতে যেন নলৰ গজালি 
পেখম ধৰি উঠিছে,আকাশ ধিয়াই
 
শব্দ নিঃশব্দ আৰু নিঃশব্দতা 
প্ৰণয়ৰ ধূসৰিত ছবিত 
প্ৰেমৰ এটি বিষণ্ণ কবিতা
দিন-ৰাতি একাকাৰ 
সুখ-দুখ নিৰ্বিকাৰ 
সময় গতি ধাৰা বোৱতী নৈ 

পানী মাটি আৰু সূৰ্য্য
সেউজ বাসনাৰ এক চক্ৰ
শব্দ সময় আৰু বৰষুণ 
ধৰাত জীৱৰ প্ৰাণ-------
নৈসৰ্গিক প্ৰকৃতিৰ বন্যা 
শব্দ সমুদ্ৰত কবিৰ কাব্যিক ঢৌ

প্ৰকৃতিৰ অমিয়া ধাৰা
বিজ্ঞান-প্ৰযুক্তিৰ কি মহান সৃষ্টি 
মৰতত সূৰ্য্যৰ কপট দৃষ্টি 
হায়!বিজ্ঞান সৃষ্টিৰ মহানতাত
প্ৰকৃতিৰ ধ্বংস যজ্ঞ
বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ যাত্ৰা 
পৃথিৱীৰ গতি ধ্বংসৰ পিনে এখোজ।

                       ***


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)