ঠিকনা বিহীন হৃদয়-মিনাক্ষী কুৰ্মী

@admin
0
আজি মোৰ হৃদয় ঠিকনা বিহীন। 
 য'ত পাইছিল বিচাৰি নিজৰ ঠিকনা! 
 সেই মৰমৰ বাটৰ পৰাও
 উভতি আহিব লগা হ'ল। 
 আপোন ভাবি খোজ দিছিলোঁ কিন্তু 
ভৰি দুখনহে মোৰ আছিল, 
বাটখন আনৰে হৈ থাকিল। 
 খোজ দিব এৰা নাই জীৱনৰ
 সফলতা দিশত গৈ আছোঁ। 
 এদিন টো জীৱনৰ বাটত 
সফল হম বুলি। 
 তাৰে মাজত কোনোবা আহিব
, যিয়ে ভাগৰি যোৱা ভৰি দুখনক
 থিৰ দি আপোন কৰিব।
 আৰু ক'ব যে ..! 
 এই মৰমৰ হৃদয়টো কেৱল তোমাৰ ।
 তেতিয়াই সলনি হ'ব 
কবিতাৰ শিৰোনামা।
 মোৰ ঠিকনা কেৱল 
তোমাৰ হৃদয়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)