কবিৰ হৃদয়ৰ কুঠৰীত
কিম্বা কবিৰ মানস কুঞ্জত
কবিৰ সহবাসত পূৰ্ণ হ'লে শব্দৰ বাসনা
এৰি যায় সৃষ্টি পথাৰৰ জীপাল কৰি
এমুঠি অনুৰাগৰ কবিতা
জোনাক সৰি সৰি এন্ধাৰৰ হোৱা অমানিশা
কবিয়েই শব্দৰ স'তে খেল খেলি
শব্দৰ বৰষুনত মাতাল হয় তিতিবুৰি
এন্ধাৰৰ পম খেদি মুখামুখি হ'ব জোনাকৰ
জোনাকে সিচঁৰতি কৰি দিব
কবিৰ হৃদয়ত শব্দৰ উষ্ণতা
কবিৰ নিসংগতাৰ লগৰী হৈ
শব্দই কবিৰ মনৰথত বহি
চেকুৰাই অস্তমেধ ঘোঁৰা
নীৰৱে অনুভৱৰ চোতালত শব্দই
চুই যাব কবিৰ গভীৰতা
অথবা মনৰ কাব্যিক চেতনা
শব্দই শব্দতে জগায় অজান শিহৰণ
আৰু ভালপোৱাৰ অনুভূতিৰ তান
শব্দৰেই শব্দত আত্মাৰ গান
শব্দই কবিতাৰ জীৱন ছন্দ
মানস পটত কবিৰ স্বচ্ছ দাপোন
শব্দতেই যেন প্ৰতিফলিত কবিৰ ৰত্ন -----!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ