কিন্তু হৃদয়ৰ মাজত
কিমান বিষাদ কঢ়িয়াই
দুখৰ মাজতো যে সদায়
হাঁহি আছোঁ সেয়া জানো
কেতিয়াবা কোনোবাই ভাবে।
সময় পৰিবৰ্তনৰ লগে লগে
নিজকে শক্তিশালী কৰিছোঁ
দুখবোৰ লুকুৱাবলৈ শিকিছোঁ
আক্ষেপ ৰক্ষা নাই কেতিয়াও
কাৰণ দুখ পোৱাৰ অভ্যাস
বহু আগৰ পৰাই আছে মোৰ।
নিঃসংগতাৰ কাৰাগাৰত মই
কেতিয়াও থাকিব বিচৰা নাছিলোঁ
কিন্তু তাৰপিছতো আজি মই আৱদ্ধ
নিঃসংগতা আৰু নিৰ্জনতাৰ মাজত ।
হঠাৎ ভাঙি যোৱা সপোনবোৰ
যোৰা লগোৱাৰ সামৰ্থ্যও নাই
অভিমানী মনটোক কোনে বুজিব
কোনে শুনিব আজি মোৰ কথা
মইযে বুকুত কঢ়িয়াই লৈ ফুৰা
সকলো কথাই কাৰোবাক
হিয়া উজাৰি খুলি ক'ব বিচাৰোঁ
অকণমান সকাহ পাব বিচাৰোঁ
কিন্তু মইযে নিলাজৰ দৰে পাহৰি যাওঁ
মোক বুজি পোৱাৰ চেষ্টা যে
কেতিয়াও কোনেও নকৰে।
সেয়ে হয়তো আজি মই
ইমানবোৰ মানুহৰ ভিৰতো
নিজকে অকলশৰীয়া অনুভৱ কৰোঁ
ভয়তে প্ৰতি ক্ষণতে চক খাই উঠো
কোনে শুনিব মোৰ বিষাদৰ সুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ