সময় গতিশীল-লিপি শইকীয়া

@admin
0
গতিশীল সময়ৰ সৈতে খোজমিলাই আগুৱাইছো আমি
                      “আমি নগাঁওবাসী"___
জনতাৰ দলবোৰ আজি অগ্ৰসৰ সপোন বাস্তৱ কৰাৰ দিশে___

কবিগুৰু মহাপুৰুষ দুজনাৰ আদৰ্শৰে মহীয়ান আমি___
একতাৰ দোলেৰে বান্ধি শিকালে আমাক
উন্নতিৰ ভেটি গঢ়িবলৈ
যাৰ ৰং সেন্দুৰীয়া।

পুৱাৰ কিৰণে চৌদিশ উজ্বল কৰাৰ দৰে
তৰুণ প্ৰজন্মৰ বাস্তৱ সপোনে উজ্বল কৰিছে “নগাঁও"__ 
বিপদ-বিঘিনী নেওচি আগুৱাইছো আমি____আমি নগাঁওবাসী
সাহস আৰু একতা আমাৰ শক্তি....
জন অৰণ্য কিম্বা যান্ত্ৰিকতাৰে ভাৰাকান্ত চৌপাশত
বহুজন হৈ পৰিছে নিসংগ
মৃত্যুৰ কিৰিলিয়ে হাতবাউল‌ দি মাতিছে
আপোনাক কিম্বা সতীৰ্থক 

আজিৰ নৱ প্ৰজন্মৰ এটিয়েই মাথোঁ‌ পণ
নিসংগতা ডাৱৰে আচ্ছন্ন কৰিলেও 
হাতে হাতে হাত ধৰি আগুৱাম আমি
উন্নতি হ'ব আমাৰ লক্ষ্য 
উন্নতিৰ শিখৰ হ'ব আমাৰ নগাঁও চহৰ.….।

                                        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)