এজাক হৃদয়স্পৰ্শী মৰম-অনন্ত কুমাৰ ভূঞা

©Admin
0
পয়ালগা সোঁ‌তত উটি যায় মন
উপহাৰ যাঁ‌চি দিম
আছেনে মৰম আগৰ দৰেই ! 
শুনাছোন 
নিৰ্মোহ বান্ধোনত শুঁ‌ৰ পোঁ‌কে ধৰা নাই 
তুমি শব্দ বিন্যাসী সন্ন্যাসিনী  
নিস্তব্ধতাৰ মাজত জিৰণি তোমাৰ
কুণ্ডত কটা শৰীৰ
নিসঁ‌ৰিত নিয়ৰৰ কোমল টোপাল 
নিগৰিত সোঁ‌তৰ এটি জিলিকনি
নৃত্যছন্দৰ প্ৰলোভিত কামিনী ।
পাদুকাযোৰ পিন্ধিলে শুৱনি হয় চৰণ
জুনুকাৰ শব্দত পুলকিত 
নৃত্যপটীয়সী চঞ্চলা হাস্যময়ী 
ৰূপতীৰ্থৰ কন্যা তুমি লাৱণ্যময়ী 
নিৰাভৰণ ৰহস্যময়ী বিস্ময় নিৰ্বাক গাভৰু   ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)