সপোনৰ সোণালী সুহুঁৰি -অক্ষয়‌ জ্যোতি বৰা

©Admin
0
গভীৰ নিশা সাৰ পালেই বাজি উঠে
ৰুণজুন ৰুণজুন এটি সপোন দুটি সপোন।

আপোন বাটেৰে ঘূৰি ফুৰা মই এজন যাযাবৰী
সপোন দেশৰ ৰাজকোঁৱৰ।

সপোন দেখো, সপোন ভাগে
চুই চাব খোজোঁ দুহাত মেলি
ভগা সপোন ভাল নালাগে
উচুপে মনে ঘনে-ঘনে।
সপোন মোৰ আওপুৰণি
নাই শেষ নাই আদি
টোপনি কেতিয়াবা যাওঁ যদি
বাজে সপোনৰ সোনালী সুহুঁৰি।

ৰৈ ৰৈ দেখো এটি নিভাঁজ পূৰঠ সপোন
সপোন মোৰ উৰি ফুৰাৰ মেলি দুইপাখি
আকাশ চুম, গান গাম হেঁপাহৰ
সুঁৱৰি অতীত স্মৃতি
ইয়োতো এক সপোনেই
যি নিৰবধি ৰয় গোপনে বুকুত।

মৰম নামৰ সাকোঁ গচকি
পাৰ কৰিম জীৱনৰ বাট
উজুটিত যদি পাওঁ আঘাত
পুনৰ উভতিম সপোন দেশত
হৈ ৰ'ম অনুৰাগী সপোনৰ
সপোন মোৰ আপোন
অলেখ অযুত সপোন
দিঠকৰ সুৱাস গচকি
বাজে মাথোঁ সপোনৰ সোনালী সুহুঁৰি।
        
           ‌ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)