মনৰ বাকৰিত অন্তৰ্ভুক্ত
অতীতৰ তিতা কিছু স্মৃতি হে
সময়ে জুখিব নোৱাৰা
পাহৰণি সোঁতত পাহৰিব খুজিও
পাহৰিব নোৱাৰা অকথ্য অনুভৱ
ভাবিলেই কাঁড় যেন বিষে বিন্ধে।
দুখৰ বোজা কঢ়িয়াই আহি
আজি হ'লোহি দুই সন্তানৰ পিতৃ
দুখ কি অভাৱ কি সেইয়া
সময়ে অনুভৱ কৰালে
পৰিস্থিতিয়ে সন্মুখীন কৰালে।
কেতিয়াবা অতীতৰ পৃষ্ঠাবোৰ লুটিয়ালে
দুয়োধাৰে দুধাৰি চুকুলো বৈ আহে!
বহু পালো বহু হেৰোৱালো
কিন্তু পোৱাৰ তুলনা
নোপোৱাৰ তুলনাত তেনেই নগন্য
বৰ্তমানে বহু সুখী মই
কিন্ত অতীতক জানো পাহৰণি সোতত পাহৰাতো সহজ
অতীত থাকে সদায় ছাঁটোৰ দৰে লগত
কেতিয়াবা দুখৰ কাৰণ হৈ
কেতিয়াবা অন্ধকাৰ ৰাতিৰ হেৰাই যোৱা টোপনিৰ কাৰণ হৈ।
✍️প্রদীপ চাংমাই
ডিব্রুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ