অভিমানী বৰষুণজাক খণ্ড ০৬- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
মানুহৰ জীৱনত কোন সময়ত কি হয় সেয়া কোনেও ক'ব নোৱাৰে। জীৱনৰ সুঁতিয়ে কেতিয়া কাক কোনদিশে লৈ যায় সেয়াও কোনেও গম নাপায়। ৰ'দৰ তাপ সহ্য কৰিব নোৱাৰা কেইদিন সকলোৱে এজাক বৰষুণৰ বাবে অপেক্ষা কৰিছিল।শিখাই বিচাৰিছিল অভিমানী বৰষুণজাকৰ সৈতে পুনৰ অভিমান কৰিবলৈ।আজি চিপচিপকৈ আকৌ বৰষুণজাক দিছে।অভিমানী বৰষুণজাকৰ স্পৰ্শত ফুলবোৰৰ পাহিবোৰ মৰহি গৈছে।শিখাই বাৰাণ্ডাতে বহি গোলাপজোপালৈ থৰ লাগি চাই আছে। মেডিকেলৰ পৰা অহাৰে পৰা তাই বেছিকৈ মনটো মাৰি আছে।
•••••• ল এইখন...! ঐ ল আকৌ কি ভাবি আছ।
•••••• নাই একো ভবা নাই দে। ভাবিছোঁ অভিমানী বৰষুণজাকে কিয়নো এনেকৈ অশ্ৰু টুকিব লাগে। হেঁপাহ পলুৱাই জানোঁ কান্দিব নোৱাৰে।
••••• তইহে জানিবি তোৰহে অভিমানী বৰষুণজাক প্ৰিয়।
•••••• সেইবোৰ বাদ দেচোন।তইযে মোক কৃষ্ণচূড়াৰ সৰু দেশলৈ নিম বুলি কৈছিলি।পাহৰিলি নে নিনো বুলি ভাবিছ...!
••••• তোক নিনি মই মাক নিলেহে হ'ব।তই সোনকালে ভাল হৈ ল। তাৰপিছত...... তাৰপিছত চাবি তোক সকলো ঠাইলৈ লৈ যাম।
••••• মই দেখোন ভালে হৈ আছোঁ অভিমানী বৰষুণজাকত তিতিব পৰাকৈ।
••••• আজিযে তিতাৰ কথা নাভাবিবি কিন্তু।মাৰ পৰা গালিও খাব নাই তোক উলিয়াইও নিব নাই কৈ থলো।
•••••• হ'ব দে নিতিতো.....।
কিন্তু......
•••••• কিন্তু কি পোৱালি?
•••••• তই মোক কেনেকৈ কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ তললৈ নিবি।
•••••• সেয়া তই মোৰ ওপৰত এৰি দে। মই নিম নহয় যেনেকৈ হ'লেও।তই মাথোঁ সোনকালে সুস্থ হৈ উঠ।
•••••• মই চাগে আৰু ভাল নহমে বা।
••••• কিয় নহ'ব বেমাৰহে ভাল হৈ যাব।আমিবোৰ আছোঁ নহয় তোৰ‌ লগত।
••••• উম সেইবাবে চাগে নমোৱে মোক এতিয়াও জীয়াই ৰাখিছে।
•••••  ৰহ মই ভিতৰৰ পৰা আহোঁ। তই ইয়াতে বহি থাক।

তাই একো নকলে মাথোঁ আকাশখনলৈ চাই ৰল। বৰষুণ..... এয়া কি তাই অপেক্ষা কৰি থকা অভিমানী বৰষুণজাক.....! বৰষুণ দিয়া দেখি তাই হাঁহিলে।বায়েকহতে ভিতৰতে কাম কৰি আছিল।বৰষুণৰ শব্দত তাই চিঞৰা তেওঁলোকে শুনা নাপালে।বাহিৰলৈ উঠি যাবলৈ লওতেই শিখা পৰি গ'ল।

আগলৈ..........
          ✍️ দিপশিখা ৰাজকোঁৱৰ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)