০১ জুন-আজিৰ দিনটোৰ বিশেষত্ব

@admin
0
জন্ম---
১৯২৬ - মেৰিলিন মন্‌ৰ' এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল । (মৃত্য়ুঃ ০৪/০৮/১৯৬২)
১৯৩৬ - নীলপৱন বৰুৱা, খ্যাতনামা চিত্ৰশিল্পী।
১৯৪১ – গগনচন্দ্ৰ অধিকাৰী, অসমীয়া ভাষাৰ শিশু সাহিত্যিক।
১৯৭৫ - কৰ্ণম মালেশ্বৰী, ভাৰতীয় ভাৰোত্তোলক।
১৯৭৯ - সুমন হৰিপ্ৰিয়া, অসমীয়া চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ।
১৯৮৫ - দীনেশ কাৰ্তিক, ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ।
মৃত্যু---
১৮৪২ - শিক্ষাবিদ ডেভিড হেয়াৰ।
১৯৬৮ - হেলেন কেলাৰ, মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
১৯৮১ - নাৰ্গিছ দত্ত, ভাৰতীয় অভিনেত্ৰী।
১৯৯৬ - নীলম সঞ্জীৱ ৰেড্ডী, ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি।
২০০৪ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া সাহিত্যক তথা গীতিকাৰ।
২০০৭ - ৰামৰাও কৃষ্ণৰাও পাটিল, ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
অন্যান্য----
১৮৩১ – জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত হয়।
২০০১ – নেপালৰ ৰাজকীয় হত্যাকাণ্ড : নেপালৰ ৰাজকুমাৰ দীপেন্দ্ৰই পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ কেইবাজনো সদস্যক গুলীয়াই হত্যা কৰে।
২০১১ – ২৫বাৰ সফল উৰণৰ পিছত মহাকাশযান এণ্ডেভাৰে চূড়ান্ত অৱতৰণ সম্পন্ন কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)