দুপৰীয়াৰ কবিতা ** জ্যোতিষ্ক বৰুৱা

@admin
0
দুপৰীয়াৰ মোহনাত বতাহ জাকৰ স'তে
উশাহত বকুল ফুলৰ গোন্ধ,
পাৰ হৱ খোজা ভৰ দুপৰীয়াটো
 এজাক চৰাইৰ কিৰিলিত……
বতৰটো গৰম হৈ পৰাৰ জাননী…!
চোকা ৰ'দৰ বেলিটোৰ উত্তাপ কমাবলৈ
এজাক বৰষুণৰ আপেক্ষাত…!
কোনোবা দূৰৈৰ কলঘৰৰ পৰা…
 ভাঁহি অহা বাৰ বজাৰ সংকেত ধ্বনি…৷
কোঠাৰ কৰ্কশ ফেনৰ মাতত পোৱা বতাহৰ বিৰক্তিকৰ চাপত…
শীতল বতাহৰ স'তে শাত পৰা
 শীতল ছাঁয়া বিচাৰি…
ঘামে ধোৱা দেহাটি 
শাত পেলোৱাৰ প্ৰয়াসত……
অন্য এক নিৰ্জন ঠাই বিচাৰি নিজকে…৷৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)