সিঁচি যায় মনত
প্ৰীতিৰ অৱৰ্ণনীয় সুখ ।
তৃষাভৰা উকা মোৰ মনত
নামি আহে এখনি প্ৰীতিৰ জীয়াঢল,
তেতিয়াই হৃদয়ে মোৰ আৰ্তনাদ কৰে,
প্ৰেয়সীৰ কোমল মুখনি
মোৰ দুচকুত ভাঁহে ।।
যেতিয়া আশাবোৰে শিখৰ চুমে
মাজনিশা জোনৰ কোলাত ৰৈ
প্ৰেয়সীৰ শোকক আদৰেৰে প্ৰণিপাত কৰোঁ,
বিষাদৰ টোপোলাবোৰ হৃদয়ৰ কোনত সাঁচি
অসহায় মনক প্ৰতিপলেই দোষাৰোপ কৰোঁ ।।
মন পথাৰৰ আলিয়েদি
প্ৰেয়সীৰ নিতৌ অহা যোৱা,
প্ৰতি খোজৰ মধুৰ পৰশত
সাৰ পাই উঠে সীমাহীন ভালপোৱা।।
আজি মন মোৰ অসহায়
সেয়া মনত বিষাদৰ অৱগুণ্ঠন,
হৃদয় যেন কাতৰ আকাৰ গুঞ্জন ।।
পালতৰা নাৱৰ বতাহে সাৰথি
মায়াময় জীৱনৰ কোন বাৰু লগৰী,
কল্পনাৰ সাগৰত হেঁপাহৰ জোৱাৰ উঠে
প্ৰেয়সীৰ কোমল মুখনিলৈ আজি
প্ৰতিপলেই মনত পৰে ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ