তোমাক দেখিছিলোঁ,
নিস্তব্ধ হাবিৰ এটি কোণত
দূৰণিৰ বৃক্ষৰ হেঙুলী ছাঁত
সোণ বৰণীয়া হৈ জিলিকি থকা
তুমি যেন এটি নক্ষত্ৰ ।
ফাগুনৰ ৰঙৰ মাজত তোমাৰ
গাল দুখন গুলপীয়া হৈ থাকে,
যেন গুলপীয়া পদুমৰ কলি ।
চাৰিওফালে কেৱল শূণ্য,
সেই শূণ্যৰ কোলাত
তুমি যেন এটি পদুম ফুল
শূণ্যৰ কোলাত পদুম ফুল ।
নিসংগতাই আৱৰি ধৰা চৌপাশ
ধূলি-বালিয়ে চানি ধৰিছে,
শূণ্যতাৰ উমান পায়
পদুমৰ কলি সদৃশ তোমাৰ দেহ আঁচোৰিবলৈ
তেজপিয়া বাঘবোৰ আগবাঢ়ি আহিছে ।
গুলপীয়া ৰঙবোৰ আঁচোৰি
তোমাৰ দেহ ৰক্তাত্ব কৰি পেলালে,
তোমাৰ নৰম দেহৰ কেঁচা মাংসক লৈ
সিহঁতে বৰ আমোদ কৰিলে ।
চাৰিওফালে কেৱল শূণ্যই শূণ্য
তোমাৰ চিঞৰত শূণ্যতাবোৰ
কোলাহল হৈ পৰিল,
আৰু সেই শূণ্যৰ কোলাত
তুমি হৈ পৰিলা
এটি বদনামী পদুম,
শূণ্যৰ কোলাত বদনামী পদুম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ