ৰক্ত গোলাপ মানেই প্ৰেম নেকি-জিণ্টু তামুলী

@admin
0
: ৰক্ত গোলাপ মানেই প্ৰেম নেকি? 
: কিয়বা শুধিলা!
: নহয়, যদি সেয়ে হয়, কিয় সেই প্ৰেমৰ প্ৰাপ্তিত তুলসীৰ 
  মালাই বিবাহৰ ঠিকনা দিয়ে?
: প্ৰেমৰ প্ৰাপ্তি জানো কেৱল বিবাহ? 
: অ'....... 
: নহয়, 
  যেতিয়া প্ৰেমৰ সোঁৱৰণীৰ কাচিয়লি ৰ'দবোৰে 
  অনুভুতিৰ তুলিকাৰে ৰং সানে, তেতিয়া প্ৰত্যাশাৰ 
  তুলাচনীৰ প্ৰেমৰ আবেগবোৰ মন কৰিবা চোন! 
  নহব পাৰে ৰক্ত গোলাপ মানে প্ৰেম , কিন্তু প্ৰেম 
  অবিহনে তুলসীৰ মালাই দিয়া বিবাহ ঠিকনাও অৰ্থহীন।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)