অভিমানী এজাক ফাগুন-নৱজিৎ নাথ

@admin
0
অভিমানী এজাক ফাগুন মানেই 
 হৃদয় পৰশা এছাতি শীতল বতাহ ।
যাৰ পৰশত শীতৰ সেই লঠঙা গছবোৰে
সদায় সেউজীয়া সেউজীয়া শিহৰণেৰে 
এটি সেউজীয়া হাঁহি মাৰিবলৈ শিকায় ।

ফাগুন প্ৰিয় মোৰ 
তাতকৈ প্ৰিয় ,ফাগুনৰ শুকান মাটিৰ
সেই ধূলি বালিৰ বিষাদ বোৰ । 
যাৰ প্ৰতিটো ক্ষণতে ফাগুন দি যায়, 
এমুঠি সৰাপাতৰ এক নতুনত্বৰ দিশ।
যাৰ পৰশত শুকান মাটিত খামুচি 
এক নতুনকৈ ফুলিবলৈ শিকায়।।

অভিমানী এজাক ফাগুন প্ৰিয় মোৰ 
তাতকৈ প্ৰিয় মোৰ ফাগুনৰ সৰিয়হৰ 
বিশাল হালধীয়া হালধীয়া দলিছাবোৰ।।
অভিমানী এচাতি ফাগুনৰ ক্ষণতে 
জীৱনৰ উকা ৰঙীন হৃদয়ৰ মাজত 
পলাশৰ ,শিমলু আৰু মদাৰৰ ৰং সানি, 
ফাগুনে আনে সুবাসৰ নতুনত্বৰ সোৱাদ।।

অভিমানী এজাক ফাগুনৰ
 ফাকুৱা ৰং আনন্দ আনে, 
মনত আনে অনাবিল আনন্দৰ বতৰা ।
দেহ মনত এজাক জোৱাৰ তুলি দি যায় 
জীৱনত দিয়ে স্মৃতিৰ এক নিশ্বাসৰ বতৰা।
জীৱনৰ আবিৰসনা ফাগুনৰ ক্ষণে। 

ফাগুনে পুৰণি স্মৃতিক বিলীন কৰি 
নতুন সেউজীয়া সেউজীয়া এমুঠি স্মৃতিক 
সদায় আদৰিবলৈ শিকায় যায়।
সেয়ে ফাগুন মোৰো অতি প্ৰিয়।
ফাগুন আমাৰ এক আবেগ মাথোঁ ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)