অভিমানী বৰষুণজাক খণ্ড ০৪- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
এজাৰৰ দেশলৈ....
তোমাৰ অবিহনে
যাওঁনো কেনেকৈ..

শিখাই লিখি শেষ কৰা কবিতাৰ শেষৰ শব্দকেইটা মাকৰ সৰুকৈ কাণত পৰিল।এৰা.... আগতে গোটেই ঘৰখনত চিঞৰি থকা ছোৱালীজনী এতিয়া যেন মৌন।বেমাৰে তাইক বাৰুকৈয়ে সলনি কৰি পেলালে। আজিলৈকে মাকহতে তাইক জানিবলৈ দিয়া নাই আচলতে তাইৰ হৈছে কি।দেউতাক আৰু ককায়েক ঢুকোৱাৰ দুখ.... আকৌ শিখাৰ..... কিমান আৰু দুখৰ সাগৰত ককবকাই সাঁতুৰি ফুৰিব তেওঁলোকে।ওচৰতে থৰ হৈ থকা মাকক দেখি শিখাই মাত লগালে।
••••••• মা...! কি হ'ল আক' তোমাৰ!
••••••• নাই অ একো হোৱা নাই।ব'ল কিবা এটা খাই লবি ভোক লগা নাই জানো।
••••••• বা আহিলে খাম।
••••••• ব'ল এতিয়াই খাই লবি দৰৱ খাব লাগিব নহয়।
•••••• উমহো না না মই বা আহিলে খাম।
••••• কিনো সৰু ছোৱালী নিচিনা কৰি আছ!বা আহিবৰ সময়  হোৱা নাই নহয়। ভাল ছোৱালী নহয় জানো তই।
•••••• উমহো মই বেয়া ছোৱালী। সেইকাৰণে মোৰ বেমাৰ হৈছে মই জানো নহয়।
•••••• তেনেকৈ নকবি চোন সোণ ভাল হ'ব নহয়।

সৰু ছোৱালীৰ দৰে শিখাই কোৱা কথাবোৰ শুনি মাকে চাদৰৰ আচলেৰে চকুলো মচিলে। আজিলৈকে কোনোদিনে তাইক তেওঁলোকে যত্ন লোৱাত কৃপণালি কৰা নাই।বায়েকে অফিচলৈ যোৱাৰ আগলৈকে তাইৰ লগতে লাগি থাকে।অফিচৰ পৰা ইমান ভাগৰত আহিও তাইক সময় দিয়ে যাতে তাই কথাবোৰ পাহৰি হাঁহি থাকে।
•••••• মা তুমি কান্দিছা?
••••••• নাই কন্দা অ।চকুত কিবা পোক এটা সোমাইছিল।
••••••• মোক মিছাকৈ ক'ব নালাগে মই দেখিছোঁ নহয়।তুমি কান্দিলে মইয়ো কান্দি দিম।
             মাকে তাইক সাৱটি ধৰিলে।অলপ সময় মৌন হৈ থাকিল দুয়ো।ভাত খোৱাৰ পিছত তাইক দৰৱ খুৱাই দিবলৈ লওঁতেই বায়েক আহি পালে।
••••• বা তই আজি সোনকালে আহিলি যে?
••••••• উম আক মোৰ পোৱালিজনীক এজাৰৰ সুৱাস ল'বলৈ নিব নালাগিব জানো।পাৰিছোনে ভণ্টি তোৰ দৰে ক'বলৈ।
••••••• তয়ো যে আৰু।যা মাই ভাত বাঢ়ি থৈছে।

 সকলো কৰি হোৱাৰ পিছত দুয়োজনী পথাৰলৈ বুলি যাবলৈ ওলাল ।
•••••• নাযাঁও নহ'লে বৰষুণ দিব নিচিনা লাগিছে।
••••• উমহো নহ'ব...!  দিলেও দিয়ক আক অভিমানী বৰষুণজাকেহে অভিমান কৰিব।
•••••• ব'ল ব'ল তেনে তোৰো আৰু সেই একেই অভিমানহে।

বায়েকে শিখাক ধৰি ধৰি এজাৰৰ তললৈ লৈ গ'ল।এই প্ৰিয় ঠাইলৈ শিখাই আগতে মন গ'লেই অকলে আহিছিল। কিন্তু এতিয়া তাই.... নোৱাৰে। একো কৰিব নোৱাৰে তাই।মন গ'লেই তাই দৌৰি আহিব নোৱাৰে।এজাৰৰ তলত ৰৈ থাকোঁতেই অভিমানী বৰষুণজাকে অভিমান কৰিলে।দুয়োজনীকে বৰষুণজাকে তিয়ালে। লৰালৰিকৈ তাইক লৈ গ'ল। অভিমানী বৰষুণজাকত তিতাৰ হেঁপাহত তাই ঘৰলৈ নাযাঁও বুলি কোৱাৰ পিছতো তাই জোৰকৈ লৈ গ'ল।

আগলৈ..............

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)