চিঠি -মামু বৰা

©Admin
0
হৃদয়ৰ 
      প্ৰিয়জন,                 যোৰহাট 
                                      ০১/০৬/২০২৪ 
তোমালৈ লিখা চিঠিখন ঠিকনাৰ অভাৱত এনেকৈয়ে পৰি থাকিল বহু বছৰ । সেয়েহে তোমাৰ ভাললগা কথাবোৰ সযতনে সাঁচি ৰাখিছো বুকুৰ মাজত । হঠাতে এদিন ঠিকনাতো পাই বহুত দিনৰ মূৰত তোমালৈ বুলি  চিঠি এখন লিখিলো । নাজানো ডাকোৱালে তোমালৈ বুলি পোৱাই নে নোপোৱাই । সময়ে সকলোকে সলনি কৰে । সময়ৰ লগে লগে আমি দুয়ো অচিনাকি হৈ পৰিলো ,
           তথাপিও ,মোৰ এই প্ৰেমিক হৃদয়ত তোমাৰ প্ৰতি অনবৰত বৰষি থকা মৰমবোৰ ল'বা । নাজানো তুমি মোৰ এই আৱেগ ,অনুভূতিখিনি অনুভৱ কৰিব পাৰিছানে নাই । তুমি আছা বাবেই প্ৰেম আছেনে নে প্ৰেম আছে বাবেই মই আছো  নাজানো কেতিয়াৰ পৰা তুমি মোৰ জীৱনৰ এটা নিঃশেষ কবিতা হৈ পৰিলো । এতিয়া জানা 
তোমাৰ প্ৰতি থকা মোৰ অনুভৱ আৰু আৱেগবোৰৰ প্ৰেমত পৰিব ধৰিছো । ক্ৰমান্বয়ে ভাল লাগিব ধৰিছে তোমাৰ প্ৰতি লিখা মোৰ এই আধৰুৱা কবিতাবোৰ ।তোমাক প্ৰথম দেখাৰ পৰাই মোৰ ভাল লাগে । আৰু ভাল লাগে যেতিয়া তুমি ক'ব নিবিচৰা কথাবোৰ তোমাৰ দুচকুৱে কৈ যায় ।সেয়েহে তোমাৰ কথাবোৰ তোমাৰ শব্দৰ ঠিকনাত ৰৈ আছো মই । তুমি আহিলে বসন্তৰ দেশখনো সেউজীয়া হৈ পৰে ।তুমি কাষেৰে পাৰ হৈ গ'লে তোমাৰ বতাহজাকে মোক প্ৰেমৰ সুবাস দিয়ে । প্ৰেমৰ যিজাক বতাহে তোমাক চুই যায় , সেই একেজাক বতাহে মোকো কোবাই। পিছে নাহৰৰ দেশত তোমাক দেখা আজিলৈ কিমান দিন যে হ'ল কত -----ফাগুনৰ সৰাপাতে উকা কৰি নিলে মোৰ হৃদয়খন । তথাপিও মোৰ এই হৃদয়খনে সেউজীয়া দেশতো তোমাক বিছাৰি হাবাথুৰি খাই ফুৰো । নিজকেই ভাবি থাকো মোৰ সেউজবোৰ এদিন হয়তো তোমাৰো হ'ব । তোমাৰ প্ৰতি থকা আৱেগ, অনুভূতি বোৰ কিয় জানো এই হৃদয়ৰ চিঠিখনৰ জৰিয়তে তোমাক উত্তৰবিহীন প্ৰশ্ন সুধিছো ------???  
লিখিবানে তুমি এটি প্ৰেমৰ কবিতা --?? 
              যি কবিতাৰ শিৰোনাম হম " মই " 
                         ইতি 
                      তোমাৰ 
                           নয়না ।।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)