এখন শীতল যুদ্ধ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নিজেই নিজৰ প্ৰিয় হ'বলৈ
নিজৰ যত্ন ল'বলৈ চেষ্টা কৰি
নিজক ভালপাবলৈ শিকিও
বাৰে বাৰে চোন অসফল হও।
নিজৰ লগতেই এখন যুদ্ধ
জীৱনটোৰ সৈতে সংগ্ৰাম কৰা
প্ৰতিটো ক্ষণেই মোৰ চকুৰ পচাৰত 
মচি দিব খুজিলেও আজি
মচি দিব নোৱাৰোঁ কোনোপধ্যেই
স্থবিৰ হৈ ৰৈ যাওঁ মাজবাটতে।
এখন শীতল যুদ্ধৰ আৰম্ভণি 
সৌ তাহানিতে হৈছিল
যিদিনাখনৰ পৰা মই নিজকে
অকলশৰীয়া অনুভৱ কৰিছিলোঁ
যিদিনাৰ পৰা মই নিঃসংগ হৈছিলোঁ
যি সময়ৰ পৰা পোহৰতকৈ বেছি
আন্ধাৰ প্ৰিয় হৈ পৰিছিল।
শীতল যুদ্ধখনে চোন এতিয়া
শেষ হোৱাৰ নামেই নলয়
শিতানৰ গাৰুটোৱে কিমান আৰু
অশ্ৰুৰ টোপালক আকোঁৱালি ল'ব 
এতিয়া  মন মোৰ উন্মনা নহয়
উদাসীন মন মোৰ কেৱল অভিমানী।
কিছুমান সপোনে থকা সৰকা কৰিছে
কিছুমান আশাই গজালি মেলি
আগুৱাই যাবলৈ এৰি দিছে
ভাৱনাৰ মূহুৰ্তবোৰো এতিয়া
আগৰ দৰেই জীপাল হৈ নুঠে
মন মাথোঁ মোৰ ক্লান্ত হৈ উঠে।
ডায়েৰিৰ পৃষ্ঠাত উৱলি যোৱা
 কিছুমান শব্দ এতিয়া অস্পষ্ট
কেতিয়াবাতেই লিখিছিলোঁ
সেই শব্দৰ ৰং তুলিকাবোৰ
কিন্তু এতিয়া সকলো অস্পষ্ট
হালধীয়া ৰঙৰ লেপনেৰে
সকলো মনিব নোৱাৰা কৰিলে
কাৰণ এতিয়া যে এখন যুদ্ধ
এখন শীতল যুদ্ধ চলি আছে
মোৰ লগত, জীৱনৰ লগত
এখন শীতল যুদ্ধ!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)