মই সূর্যই কৈছো - আছাদুৰ ৰহমান

©Admin
0
মই সূর্যই কৈছো 
মোৰ কাৰণেই গৰমে ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যত তোমালোকৰ বাবেই মোৰ তাপমান হৈছে বৃদ্ধি 
আৰু আজি তোমালোকেই হৈছা ইয়াৰ ভুক্তভোগী ।
গছ কাটি কৰিছা তহিলং 
মাতি আনিছা নিজৰেই মৰণ।

গছৰ প্ৰয়োজন কৰা নাই তোমালোকে অনুভৱ
 কৰি আছা কেৱল
 মোকেই দোষাৰোপ

মই নিবিচাৰো মোৰ বাবে তোমালোকৰ কষ্ট হওঁক, 
মই নিবিচাৰো মোৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় যোৱাত ব্যাঘাত জন্মক, 
মই নিবিচাৰো মোৰ বাবে খেতিয়কে উৎকট গৰমত মৰণৰ লগত যুদ্ধ কৰি খেতি কৰক,
 মই নিবিচাৰো মোৰ বাবে সাধাৰণ মানুহে মৃত্যু মুখত পৰক,

কিন্তু মই যে নিৰূপায় যিমানেই তোমালোকে গছ কাটিবা
 সিমানেই মোৰ তাপমান বাঢ়িব 
সিমানেই তোমালোকৰ কৰ্মত ব্যাঘাত জন্মিব।

তোমালোকলৈ মোৰ আহ্বান যেতিয়া এটা বস্তু তোমালোকৰ ওচৰত থাকিব তেতিয়া তাৰ মূল্য বুজাৰ 
চেষ্টা কৰিবা, 
নহলে যেতিয়া নাথাকিব তেতিয়া হয়তো তাৰবাবে চিৎকাৰ কৰিবা।

তোমালোকে গছ ৰোৱা.. 
গছৰ যত্ন কৰা.. 
তেতিয়াহে কমিব গৰমৰ প্ৰকোপ 
নকৰিবা আৰু মোক দোষাৰোপ।

✍️আছাদুৰ ৰহমান
গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)