অভিমানী বৰষুণজাক( খণ্ড -৭)- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
অভিমানী বৰষুণজাকে অভিমান কৰিলে শিখাই সকলো পাহৰি যায়।বায়েকে উঠি যাবলৈ মানা কৰাৰ পিছতো তাই চোতাললৈ নামি যাবলৈ লওঁতেই চকীৰ পৰা পৰি গ'ল।ভিতৰৰ পৰা শিখাক চিঞৰি মতাৰ পিছতো তাইৰ মুখৰ মাত নুশুনি শিখাৰ বায়েক বাৰাণ্ডালৈ ওলাই আহিল।
•••••••• কেনেকৈ পৰিলি তই?
•••••••• এনেকৈ।
•••••• কি এনেকৈ...? উঠি যাবলৈ মানা কৰিছিলোঁ নাই হা তোক।একদম কথা নুশুন।
•••••• বৰষুণ দিছিল বুলিহে।
•••••• দুখ পালি নি চাঁও..!
•••••• না পোৱা।
•••••• ক'ব নোৱাৰা হৈ যাওঁ ন বৰষুণ দিলে।
••••• উম সঁচাকৈ অ বা। অভিমানী বৰষুণজাক যে মোৰ বৰ প্ৰিয় সেইবাবে।
•••••• পিছত বৰষুণ নিদিব নেকি? ভাল হৈ ল প্ৰথমতে।
•••••• নাই অ যদি সপোনবোৰ আধাতে মৰহি যায়। বৰষুণজাকত যদি মই কেতিয়াও তিতিবই নাপাওঁ।তেতিয়া..... তেতিয়াযে মোৰ কিমান আশা থাকি যাব। কৃষ্ণচূড়া, সোণাৰু ফুলৰ সুৱাস নোহোৱা বহু বছৰেই পাৰ হৈ গ'ল। তইতো জানই মোৰ কিমান প্ৰিয়।কিন্তু.....! 
•••••• একো কিন্তু নাই। মই তোক সুৱাস বিচাৰি আপোনপাহৰা হ'বলৈ লৈ যাম নহয়। প্ৰথমতে তই সুস্থ হৈ লচোন।
••••••• নাজানো আৰু মোৰ জীৱনৰ গতি কোনফালে গৈ আছে।
••••• হ'ব দে যিতি ভাবি নাথাক! ভাল হ'ব নহয় আমিবোৰ আছোঁ তোৰ লগত বিশ্বাস ৰাখ।ভিতৰত মাই তই ভাল পোৱা বস্তু এটা বনাই আছে ৰহ লৈ আহো।
••••• অ বা।
•••••• উম ক।
•••••• মই তোক বহুত কষ্ট দিছোঁ ন।নিজে একো এটা কৰিব নোৱাৰোঁ।তোক সদায় আমনি কৰোঁ ন বা।
••••• ধেৎ পাগলী।এজনী বায়েক হৈ ভনীয়েকৰ বাবে ইমানকণো কৰিব নোৱাৰোঁ নে।
•••••• তোৰ কেতিয়াবা খং নুঠে নে?
••••• সেই কিয়নো খং উঠিব ....! আৰু শুন এইবোৰ কথা আৰু কেতিয়াও নকবি কৈ দিছোঁ।
••••••• মধুৰ স্মৃতিবোৰ সাঁচিপাতত ৰৈ যাব। কিন্তু পঢ়িবলৈ হে কোনো নাথাকিব।
••••••• কিনো মুখৰ ভিতৰতে ভুৰভুৰাই আছ....!
•••••• নাই একো নাই।
••••• ঠিক আছে বল ভিতৰলৈ যাওঁ।মাই মাতিছে!

         দুয়োজনী ভিতৰলৈ যাবলৈ লওঁতেই শিখা আকৌ ৰৈ গ'ল। এয়া কি.... তেজ....! শিখাৰ হাতত তেজ কৰ পৰা আহিল।কি হ'ল তাইৰ।তাইৰ তেজ ওলাইছে।কি হৈছে তাইৰ।তাই পৰি গ'ল উঠিব লওঁতেই। শিখাৰ বায়েকে জোৰকৈ মাকক মাতিলে।
•••••••• মা.... মা..... অ মা এইপিনে আহাচোন।মা..... ভ .... ভ .... ভণ্টিৰ কৈ হৈছে চোৱাহি চোন। তাইৰ তেজ ওলাইছে। সোনকালে আহা।মা.....! ঐ ভণ্টি কি হ'ল তোৰ।কি হৈছে হা তোৰ কি হৈছে। চাওঁ উঠচোন।

আগলৈ......

  ✍️ দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)