জীৱনৰ অলিখিত পৃষ্ঠা

Rinku Rajowar
0
আজি অন্তিম খন যাত্ৰাৰ ৰণডংকা
ভৌগোলিক অৱস্থান হব "সূৰ্য উঠা দেশ"
চিৰসেউজ আৱৰণত ক্ষুদ্ৰ সত্তা
বিলীন হৈ...থমকি নৰব জীৱন
শীতৰে সেমেকা, টুপ টুপ নিয়ৰে আমণি কৰা ৰাজপথ
লক্ষ্য পথ হোৱাৰ দিশে...
হৃদযন্ত্ৰৰ উশাহেৰে শেষ যাত্ৰা
কাণত ভাহি অহা " মৃত্যু যাত্ৰীৰ মৌন সমদল"
আহ! সময়বোৰ যে থমকি নৰয়
সূৰুষৰ ৰাঙলী আভাই গঢ় দিয়া
পশ্চিম আকাশত 
সাতোৰঙী ৰামধেনুৰ অলিখিত কাহিনী বোৰ...
ওৱলি যাই আৰ্তনাদ কৰি 
মনৰ কেনভাচত গোপন সমাধি হৈ....
সাজি ৰখা সৱল কক্ষপথবোৰ
দিশভ্ৰান্ত পাদদেশত
পৰি ৰৱ
এখিলা আধালিখা পৃষ্ঠা হৈ.....আলফুলে ।

কবি--নৃপেন ৰাজোৱাৰ 
                                                               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)