আধুনিক প্ৰযুক্তি বনাম সভ্যতাৰ সংকট

Rinku Rajowar
0
এই ভূমণ্ডলক সৃষ্টি কৰিছে সৃষ্টিকূলৰ সকলোকে বসবাসৰ উপযোগী হিচাপে। ই কেৱল জীৱৰ জীৱন ধাৰণেই নহয় বৰঞ্চ পৰিপূর্ণভাৱে উপভোগ কৰিবলৈ। যিবোৰ প্রয়োজন সেই সকলোবোৰেই মজুদ আছে এই নশ্বৰ পৃথিৱীত। এই সৃষ্টিনিচয়ক যে সর্বাঙ্গ সুন্দৰ, সাৱলীল তথা অতিশয় সমৃদ্ধ কৰি সৃষ্টি কৰা হৈছে সেয়া সার্থকভাবেই ফুটি উঠিছে কবি দ্বিজেন্দ্রলাল ৰায়ৰ ‘ধন ধান্যত পুষ্প ভৰা আমাৰ এই বসুন্ধো’ কবিতাত। যি কাব্যপ্রেমিক সকলৰ মনত এক চিৰন্তন আবেদনৰ সৃষ্টি কৰে। বিজ্ঞান প্রযুক্তিৰ অভাৱনীয় উন্নতিৰ পিছতো মানুহে এনে বিশেষ কোনো স্থানৰ  সন্ধান পোৱা নাই য'ত জীৱৰ অস্তিত্ব আছে। এলিয়েনক লৈ কিছুমান কথা থাকিলেও সেয়া বৰ্তমান পৰ্যন্ত অনুমানৰ মাজেদিয়েই বিদ্যমান।
    বিজ্ঞানী সকলে নিশ্চিত কৰিছে যে, চন্দ্ৰ আৰু মঙ্গল একেবাৰেই প্রাণহীন। কিন্তু সম্প্রতি সেই ঠাইডোখৰত মনুষ্য বসতি গঢ়ি তুলিবলৈ মহাশূন্য বিজ্ঞানী সকলে প্রাণান্তকৰ চেষ্টা অব্যাহত ৰাখিছে। সম্প্রতি চীনৰ মহাকাশ সংস্থাই দাবী কৰিছে, চন্দ্ৰৰ পৃষ্ঠভূমীত তেওঁলোকে পঠিওৱা যানত এটি পাত্রত বীজৰ পৰা গছ উলাইছে। চন্দ্ৰ পৃষ্ঠত তিনি ধৰনৰ উদ্ভিদৰ বীজ পঠোৱাৰ পৰিকল্পনা চলিছে মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাচা’। য'ত নেকি বীজৰ পৰা গছ পুলি গজোৱাৰ চেষ্টা কৰা হ'ব বুলি জনোৱা হৈছে।
    আগন্তক একক দশকৰ ভিতৰতেই মঙ্গল গ্রহত মানুহ পঠোৱাৰো প্ৰতিযোগীতা চলিছে। নাচাৰ গৱেষক সকলে এক সমীক্ষা চলাই দেখিছে, মঙ্গল গ্রহৰ প্রতিকূল পৰিৱেশ তথা তাত নিৰ্মিত অৱকাঠামো বিবেচনালৈ আনিলেও মাত্র ৬৮টা  দিনৰ পিছৰে পৰাই ক্ৰমাম্বয়ে মৃত্যুৰ মুখত পৰিব লাগিব মানুহক। ম্যাচাচুছেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ (এম.আই.টি) গৱেষক সকলে মঙ্গল গ্রহত মানুহৰ বসবাসৰ সম্ভাৱনাৰ বিষয় লৈ গৱেষণা কৰিছে। ইউৰোপিয়ান স্পেছ এজেঞ্চি (ইউ.এছ.এ) আশাবাদী ব্যক্ত কৰিছে ২০৩০ চনৰ ভিতৰত চন্দ্ৰ পৃষ্ঠত মানৱবসতি স্থাপন কৰাৰ বাবে।
   অনুসন্ধিৎসা তথা নতুন কিবা কৰাৰ ইচ্ছা মানুহৰ চিৰন্তন। সেই অনুসন্ধিৎসাৰ পৰাই বিজ্ঞান প্রযুক্তিৰ ক্ষেত্রত অভাৱনীয় সাফল্যও আহিছে। সেই সাফল্যৰ ধাৰাবাহিকতাত ১৯৬৯ চনতেই মানুহ চন্দ্রপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হৈছে। মহাকাশ বিজ্ঞানীসকলে আশা কৰিছে, আগন্তক ২০২৪ চনত তেওঁলোকে মঙ্গলগ্রহত অৱতৰণ কৰিবলৈ সক্ষম হ'ব। আনকি পৃথিৱীৰ একমাত্র প্রাকৃতিক উপগ্রহ চন্দ্ৰ তথা মঙ্গল গ্রহক মনুষ্য বসতিৰ বাবে উপযোগী কৰি তুলিবলৈয়ো চেষ্টা কৰিছে তেওঁলোকে। কিন্তু নির্জীৱ চন্দ্ৰ তথা মঙ্গল গ্রহক সজীৱ কৰি তুলিবলৈ মানুহে যিমানখিনি তৎপৰ, সুজলা, সুফলা বসুন্ধৰাৰ স্বাভাৱিক বৈশিষ্ট্য আৰু জীৱবৈচিত্র্য ৰক্ষাৰ ক্ষেত্রে তেওঁলোকে সিমানেই উদাসীন। এনে অভিযোগ একমাত্ৰ আত্মসচেতন মানুহৰহে।
    বিজ্ঞানীসকলে চন্দ্র তথা মঙ্গল পৃষ্ঠক জীৱন ধাৰণৰ উপযোগী কৰাৰ চেষ্টাত অটল অর্থও ব্যয় কৰিছে। কিন্তু পৃথিৱী নামক এই গ্রহটি যে ক্রমেই পৰিৱেশ বিপর্যয় তথা সংঘাতৰ মুখামুখি হৈ ক্রমেই মনুষ্য বসতিৰ অনুপযোগী হৈ উঠিছে তাক লৈ কেতিয়াও চিন্তা কৰা নহয়। অভিযোগ আছে, সংশ্লিষ্টসকলৰ দায়িত্বহীনতা আৰু উদাসীনতাৰ কাৰণেই বৈশ্বিক উষ্ণায়ন (Global Warming) আৰু জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ ৰীতিমতে উদ্বেগজনক পর্যায়লৈ গতি কৰিছে। মনুষ্যসৃষ্ট দূষণকাৰী বস্তুৰ নিঃসৰণ; বিশেষকৈ চালফেট কণা শৈত্যয়ন ক্রিয়া সৃষ্টি কৰিছে, যিটো পৃথিৱীৰ বৈশিষ্ট্য তথা জীৱবৈচিত্র্যৰ জন্য মাৰাত্মক বাবে ক্ষতিকৰ।
    মানুহৰ বিভিন্ন কর্মকাণ্ড বিশেষকৈ জীবাশ্ম জ্বলানীৰ অতিৰিক্ত দহন আৰু বনাঞ্চল ধ্বংসৰ কাৰণে প্রাকৃতিক গ্রীন হাউজ প্রতিক্রিয়া তীব্রতৰ হৈছে। সঙ্গত কাৰণতেই বৈশ্বিক উষ্ণতা বৃদ্ধি পাইছে। ফলত মেৰু অঞ্চলৰ বৰফ বিগলিত পৰিমাণ অস্বাভাবিকভাৱে বৃদ্ধি পোৱা পৃথিৱীত পৰিবেশ বিপর্যয়ৰ সৃষ্টি কৰিছে। বিজ্ঞানী সকলে আশঙ্কা কৰিছে যে, এনে অৱস্থাৰ সৃষ্টি হ'লে আগন্তক ৫০ বছৰৰ ভিতৰত পৃথিৱী তাৰ ভাৰসাম্য হেৰুৱাব আৰু জীববৈচিত্র্য মাৰাত্মকভাৱে ক্ষতিগ্রস্ত হ'ব।
   গ্রীন হাউজ ইফেক্ট অথবা বৈশ্বিক উষ্ণায়নেই যে পৃথিৱীৰ জীৱবৈচিত্র্য তথা সভ্যতাৰ বাবে ভাবুকি তেনে নহয়; বৰঞ্চ বিশ্বৰাজনীতিত সংঘাাট তথা শক্তিৰ প্রতিযোগিতাও বৃহৎ ভাবুকি স্বৰূপ হৈ উঠিছে। বিশ্বৰ পৰাশক্তিবোৰ সম্প্ৰতি যুদ্ধৰ ক্ষেত্ৰত পুলক বোধ কৰে। যুদ্ধ বুলিলে ৰাষ্ট্রীয় তথা অ-ৰাষ্ট্রীয় পক্ষপাতিত্ববোৰৰ মাজত সু-সংঘটিত আকৌ কেতিয়াবা দীর্ঘস্থায়ী সশস্ত্র সংঘর্ষক বুজোৱা হয়। এটি শান্তিৰ বিশ্ব প্রতিষ্ঠাৰ বাবে য'ত নেকি নিৰস্ত্রীকৰণ প্রয়োজন তাত বৈশ্বিক অস্ত্র প্রতিযোগিতা তথা যুদ্ধৰ ঝুঁকি ক্রমেই বৃদ্ধি পাইছে। পৰিসংখ্যানৰ তথ্যৰ পৰা জনা যায়, বিশ্বত সামৰিক ক্ষেত্ৰত ব্যয়ৰ পৰিমাণ বৃদ্ধি পাইছে। আধুনিক প্রযুক্তিত নিৰ্মিত হৈছে সর্বাধুনিক মাৰণাস্ত্র।

    চুইডেন ভিত্তিক ষ্টকহোম আন্তর্জাতিক শান্তি গৱেষণা ইনষ্টিউট (এছ.আই.পি.আৰ.আই) এক প্রতিবেদনত এইবোৰ তথ্য দিছে। ‘ওয়ার্ল্ড মিলিটাৰি এক্সপেণ্ডিচাৰ ৰিপোর্ট’ শীর্ষক সেই প্রতিবেদন অনুযায়ী, বিশ্বৰ বজাৰত জ্বালানী তেলৰ অব্যাহত দৰপতন তথা ৰাছিয়াৰ ওপৰত অর্থনৈতিক নিষেধাজ্ঞা বহাল থকাৰ পিছতো সামৰিক ক্ষেত্ৰত ব্যয়ৰ দিশেৰে দেশটি বিশ্বত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। সামৰিক ব্যয়ত সকলোৰ ওপৰতেই যুক্তৰাষ্ট্র অথবা ইয়াৰ পিছত চীন।


   ২০১৬ চনত বিশ্বৰ সামৰিক ক্ষেত্ৰত বিগত বছৰৰ তুলনাত শূন্য দশমিক ৪ শতাংশ বেছি খৰচ হৈছে, যিটো বৈশ্বিক জি.ডি.পি-ৰ ২ দশমিক ২ শতাংশ। ২০১৬ চনত ৰাছিয়া সামৰিক ক্ষেত্ৰত বৃদ্ধি পাইছে ৫ দশমিক ৯ শতাংশ। মস্কোৰ সামৰিক ব্যয় ছয় হাজাৰ ৯২০ কোটি মার্কিন ডলাৰ। বিশ্বৰ শীর্ষ সামৰিক শক্তিধৰ দেশ যুক্তৰাষ্ট্রৰ প্রতি বছৰত প্রতিৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যয় ১ দশমিক ৭ শতাংশ বৃদ্ধি পাইছে, যাৰ সর্বশেষ পৰিমাণ হিচাপে ৬৫ হাজাৰ ১০০ কোটি ডলাৰ। এছীয় দেশ চীন সামৰিক ক্ষেত্ৰত ব্যয় বৈছে ৫ দশমিক ৪ শতাংশ। প্রতিৰক্ষাৰ ক্ষেত্ৰত দেশটি ২৫ হাজাৰ ৫০০ কোটি ডলাৰ খৰচ কৰিছে। প্রতিবেদনৰ তথ্য অনুযায়ী ইউৰোপীয় দেশবোৰে বিগত বছৰ সামৰিক ব্যয় অনেকখিনিয়েই বৃদ্ধি পাইছে, যিটো পূৰ্বৰ বছৰৰ তুলনাত ২ দশমিক ৬ শতাংশতকৈয়ো অধিক। ন্যাটোভুক্ত আন যিকোনো দেশতকৈ যুক্তৰাষ্ট্র, গ্রীছ, ফ্রান্স তথা এস্তোনিয়াৰ সামৰিক ব্যয় বিগত বছৰত আৰু অধিক বৃদ্ধি কৰা হৈছে। ভাৰতবৰ্ষ নিজৰ কৌশলগত লক্ষ্য অর্জনত প্রতিৰক্ষা ব্যয় বৃদ্ধি কৰিছে। দেশটিত সামৰিক ক্ষেত্ৰত ব্যয় কৰিছে ৮ দশমিক ৯ শতাংশ। নতুন দিল্লীৰ সামৰিক ব্যয় মুঠ সাত হাজাৰ ৫৯০ কোটি ডলাৰ।
    সামৰিক সংঘাত অথবা যুদ্ধৰ ফলাফল কেতিয়াওঁ ভাল নহয়। যুদ্ধ কেৱল মানুহৰ প্রাণহানীয়েই নঘটায় বৰঞ্চ মাৰাত্মক পৰিবেশ বিপর্যয়ৰ সৃষ্টি কৰে। তাৰ সমান্তৰালকৈ ব্যয় হয় প্রভূত অর্থৰ, যিটো শান্তিৰ কামত ব্যৱহাৰ কৰিলে হয়তো সভ্যতা আৰু অনেক বিকশিত হোৱাত সম্ভাৱনা আছিল। বিষয়টি আৰু ভালকৈ উপলব্ধি কৰাৰ বাবে অতীতৰ কিছুমান যুদ্ধৰ ভয়াবহ স্মৃতি ৰোমন্থন কৰাটো সক্ষম হ'ব।
   প্রথম বিশ্বযুদ্ধঃ ১৯১৪-১৯১৮ চনত এই যুদ্ধ সংঘটিত হৈছে। য'ত নেকি ডেৰ কোটিৰ পৰা ছয় কোটি মানুহ নিহত হৈছে। ইউৰোপকেন্দ্রিক এই যুদ্ধত প্রায় সাত কোটি সেনা। এওঁলোকৰ মাজত প্রায় এক কোটিৰ মৃত্যু হয়।
    দ্বিতীয় বিশ্বযুদ্ধঃ এই যুদ্ধ ১৯৩৯-১৯৪৫ চনত সংঘটিত হৈছে। য'ত সাত কোটি ২০ লাখ মানুহ নিহত হৈছে। ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ হিটলাৰে পোলেণ্ড দখল কৰে। ইয়াৰ দু’দিন পিছতেই ফ্রাণ্ছ আৰু ব্রিটেইন জার্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ক্ৰমাম্বয়ে সেয়া বিশ্বযুদ্ধৰ ৰূপ লয়।
   তাইপিং বিদ্রোহঃ ১৮৫১-১৮৬৪ চনত এই যুদ্ধ সংঘটিত হয়। য'ত নেকি দুই কোটি মানুহ প্রাণ হেৰুৱাই। ই চীনৰ আটাইতকৈ ডাঙৰ গৃহযুদ্ধ।
    মোঘল শাসনকালঃ ১২০৭-১৪৭২ চনত সংঘটিত এই যুদ্ধত মৃতকৰ সংখ্যা তিন কোটিৰ পৰা ছয় কোটি।
   লুছান ৰেবেলিয়নঃ ৭৫৫-১৭৬৩ চনত সংঘটিত এই যুদ্ধত মৃতকৰ সংখ্যা এক কোটি ৩০ লাখৰ পৰা তিনি কোটি ৬০ লাখ। এয়া আছিল চীনৰ ট্যাঙ্গ আৰু ইয়ান ৰাজবংশৰ সকলৰ মাজত সিংহাসন দখলৰ যুদ্ধ।
   কুইঙ্গ সাম্রাজ্যৰ পতনঃ এই যুদ্ধ ১৬১৬-১৬৬২ সংঘটিত হৈছিল। য'ত নেকি মৃতকৰ সংখ্যা দুই কোটি ৫০ লাখ। চীনৰ সর্বশেষ ৰাজবংশ হ'ল কুইঙ্গ। মিঙ্গসকলৰ আক্রমণত এই ৰাজবংশৰ পতন হয়।

    তৈমুৰ লংঃ ১৩৬৯-১৪০৫ চনত এই যুদ্ধ সংঘটিত হৈছিল। য'ত নেকি মৃতকৰ সংখ্যা এক কোটি ৫০ লাখৰ পৰা দুই কোটি।
    দুনগান অভ্যুত্থানঃ ১৮৬২-১৮৭৭ চনত সংঘটিত এই যুদ্ধত মৃতকৰ সংখ্যা ৮০ লাখৰ পৰা এক কোটি ২০ লাখ। চীনৰ দুনগান জাতি বিদ্রোহ ঘোষণা কৰিছিল কুইঙ্গ ৰাজবংশৰ বিৰুদ্ধে।
   ৰাছিয়াৰ গৃহযুদ্ধঃ ১৯১৭-১৯২১ চনত সংঘটিত যুদ্ধত ৫০ লাখৰ পৰা ৯০ লাখ মানুহ প্রাণ হেৰুৱাই। বলচেভিক পার্টিৰ অভ্যুত্থান আৰু ক্ষমতা দখলৰ সেই গৃহযুদ্ধত মৃত্যু হৈছিল প্রায় ৯০ লাখ মানুহৰ।
   নেপোলিওনিক যুদ্ধঃ ১৮০৩-১৮১৫ চনত সংঘটিত হোৱা এই যুদ্ধত মৃতকৰ সংখ্যা ৩৫ লাখৰ পৰা ৭০ লাখ। তাৰ সমান্তৰালকৈ একাধিক দেশ নেপোলিওনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল সেই সময়ত। প্রায় ১২ বছৰ ধৰি বিভিন্ন সময়ত চলা সেই যুদ্ধত মৃত্যু হৈছিল প্রায় ৭০ লাখ মানুহৰ।
   অতীতৰ কোনো যুদ্ধয়েই সভ্যতাৰ বাবে সুখস্মৃতিয়ে বিৰজিত কৰা নাছিল বৰঞ্চ আটাইবোৰ ক্ষেত্রতেই এক ভয়ঙ্কৰ চিত্র আমাৰ সন্মুখত ভাহি উঠে। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ হিৰোচিমা ও নাগাচাকিত আণবিক বোমা হামলাত কেৱল হিৰোচিমাত প্রায় ১৪০,০০০ লোক নিহত হন। নাগাচাকিতেই প্রায় ৭৪,০০০ লোক মৃত্যু হয়। পিছৰ পৰ্যায়ত এই দুটি চহৰত বোমাৰ পার্শ্বপ্রতিক্রিয়াত সৃষ্ট ৰোগত আক্রান্ত হৈ মৃত্যু হয় আৰু ২,১৪,০০০ জন।
    অতীতৰ যুদ্ধ বিগ্ৰহক লৈ এনে দুঃসহ স্মৃতিৰ পিছতো বৈশ্বিক ৰাজনীতিত যুদ্ধোন্মাদনা বন্ধ হোৱা নাই। ৰাছিয়াৰ ক্রিমীয়া দখল, দক্ষিণ চীন সাগৰত উত্তেজনা, মধ্যপ্রাচ্যৰ যুদ্ধ এই আটাইবোৰে উনুকিয়াই দিয়ে যে, আগন্তক দিনত সশস্ত্র সহিংসতা আৰু অধিক বৃদ্ধি পাব। যাৰ পেৰিপ্ৰেক্ষিতত আন্তর্জাতিক সংস্থাবোৰে পৰিস্থিতি নিয়ন্ত্রণত কার্যকৰ ভূমিকা ল'ব পৰা নাই। ফলত প্রত্যেকটি দেশক তেওঁলোকৰ নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰে ব্যৱস্থা ল'বলগীয়া হৈছে।

    মধ্যপ্রাচ্য বৰ্তমান বিশ্বৰ আটাইতকৈ সংকটময় অঞ্চলৰ এটি। চিৰীয় যুদ্ধত এই সংকটক আৰু অধিক প্রকট কৰি তুলিছে। এই যুদ্ধৰ কাৰণে সংশ্লিষ্ট আটাইবোৰ দেশকেই তেওঁলোকৰ সামৰিক ব্যয় বৃদ্ধি কৰিবলৈ বাধ্য কৰিছে। অর্থনীতিবিদ ন্যান তিয়ানৰ মতে কেৱল ২০১৬ চনত চিৰিয়া যুদ্ধত ৪৬৪ মিলিয়ন ডলাৰ ব্যয় কৰিছে ৰাছিয়া।’ প্রাপ্ত তথ্য মতে, ২০১৫ চনত মুঠ বাজেটৰ ১৩ শতাংশ সামৰিক ক্ষেত্ৰত ব্যয় কৰিছে চৌদি আৰবে। ২০১৬ চনত এই ব্যয়ৰ সংখ্যা আছিল ৯ শতাংশ।
    ইউৰোপতো সামৰিক ব্যয় অনেকখিনি বৃদ্ধি পাইছে। প্রাপ্ত তথ্যমতে জনা যায়, মধ্য ইউৰোপীয় দেশবোৰত ২০১৬ চনৰ পূৰ্বে বছৰৰ তুলনাত ২ দশমিক ৬ শতাংশ বৃদ্ধি কৰিছে সামৰিক ব্যয়।
    আধুনিক বিজ্ঞানে মানৱ সভ্যতাক অনেক দূৰৈত আগুৱাই দিছে। কিন্তু বিজ্ঞান প্রযুক্তি সকলোবোৰ ক্ষেত্রতেই মানৱ কল্যাণৰ ব্যৱহাৰ কৰা হোৱা নাই বৰঞ্চ অনেকবোৰ ক্ষেত্রতেই তাৰ অপব্যৱহাৰ মানৱ সভ্যতাক মহাসংকটৰ মাজতেই আৱদ্ধ কৰি থৈছে। চন্দ্ৰ তথা মঙ্গল গ্রহত প্রাণৰ স্ফুৰণ ঘটোৱাৰ পৰিকল্পনা নিঃসন্দেহে ইতিবাচক। কিন্তু পৃথিৱীৰ স্বাভাৱিক বৈশিষ্ট্য আৰু জীববৈচিত্র্য ৰক্ষা কৰাটোহে প্ৰথম কথা। 

হাফিজ বায়েজীদ বোস্তামী

সঃ সম্পাদকঃ সাংবাদিক পৰিষদ অসম, মৰিগাওঁ জিলা সমিতি।

দূৰভাষঃ ৮৪০৩৯৭৯৪১৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)