স্বাধীনতা দিৱস

Rinku Rajowar
0
সভ্যতাৰ পোতাশালত 
যুগ-যুগান্তৰ 
মোৰ  বন্দীত্ব । 
মান-মৰ্যদা সম্ভ্ৰমৰ 
কৃত্ৰিম আভৰণ 
তোমালোকৰ দেহত । 
সুৰুঙা পালেই 
উন্মুক্ত  হৈ 
তচ্ নচ্ কৰিব খোজো 
তোমালোকৰ মুখা । 
টুলুং ভুটুং হ'ব খোজে
সজ্জনৰ  নাও ।
তোমালোকৰ বাবেই 
আজি মোক 
স্বাধীনতাৰ প্ৰয়োজন 
অন্তত এদিনৰ বাবে । 
সংগোপনে এদিন
জনাৰণ্যৰ পৰা 
প্ৰকৃতিৰ বুকুলৈ আহিবা । 
আজুৰি ছিঙিম 
তোমালোকৰ 
সমস্ত  বল্কল  
খুলি দিম জিভাৰ সমস্ত গাঁঠি ।
আদিম আৰু অশ্লীলতাৰ 
মুকলি দলিচাত 
হিয়া উজাৰি 
পালন কৰিম 
মই মোৰ স্বাধীনতা দিৱস ।

সৌৰভ কুমাৰ বৰুৱা
        উঃ লখিমপুৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)