নালাগে মোক তোৰ দৰে পুত্র সন্তান

Rinku Rajowar
0
মোৰ বুকুৰ অতৃপ্ত বেদনাবোৰ....
উজাৰি উজাৰি বাকী দিছোঁ ..... 
মোৰ  সতীৰ্থৰ মাজত......
 শুনক সকলোৱে....

মোৰ অন্তৰত উমি উমি জ্বলি থকা জুই কোৰাত 
এতিয়া কেৱল তাৰ নাম ...... 
সম্ভ্ৰান্ত ,ভদ্ৰ,সুস্থ, সৱল ....
সিয়ে আছিল মোৰ সু পুত্ৰ...
 সি মোৰ কলিজাৰ টুকুৰা আছিল অ'.....
আশা, হেঁপাহ, আৰু সপোন বোৰক তাৰ বাবেই সাঁচিছিলোঁ মোৰ হৃদয়ৰ বৰপেৰাত...... 
ঠেঁটুৱৈ ধৰা জাৰৰ দিনটো ...
মোৰ আজিও মনত পৰে......
 সি অহাৰ আনন্দত সেইদিনা মই.....
 সকলো কষ্ট পাহৰি পেলাইছিলোঁ...... 
 অপেক্ষা মাথোঁ সেই সময়লৈ আছিল...
যেতিয়া মই মাক হোৱাৰ তৃপ্তি লভিম......
মানুহে কোৱাৰ দৰেই ....
সাত খন কুঠাৰৰ বিষ সহ্য কৰিছিল 
যোনিদ্বাৰে সেইদিনা....
 ঘামি জামি ঢলি পৰিব ধৰিও....
 মই ভাগৰা নাছিলোঁ... 
ভাগৰা নাছিলোঁ.....
এই আশাত...
 যে মই মাক হ'ম।।।
স্বৰ্গীয় সুখৰ গৰাকী হ'ম।।।
উঠাই নিয়া হ'ল নিৰ্দিষ্ট সময়ত মোক..
 লোহাৰৰ সেই ট্ৰলি খনত নগ্ন কৰি......
চকুৰ সন্মুখত মাথোঁ জোঙা জোঙা অস্ত্ৰ..... 
মই ভয় নাইকৰা....... 
কিয়নো....
 মই মাক হ'ম।।।
 পিঠি খন বেঁকা কৰি মোৰ ৰাজহাড়ত 
খুচি দিয়া হ'ল এটি বেজী...... 
নাজানো কি আছিল তাত..... 
লাহে লাহে মৰিব ধৰিলে মোৰ শৰীৰৰ নিম্নাংশ.....
নিথৰ হৈ পৰি ৰলো মই দুচকু মেলি......
মোৰ সুকোমল শৰীৰৰ তলপেটলৈ...
 লৈ যোৱা হ'ল সেই জোঙা জোঙা অস্ত্ৰ..... 
মই সকলো গম পাইছিলোঁ .....
ফালি দিয়া হ'ল মোৰ পেটৰ মাজ অংশ...
সৃষ্টি হ'ল এটি নতুন পথৰ....
আৰু সেই পথৰ মাজেদিয়েই...
ক্ষন্তেক সময়ৰ পাছতেই বিজলুৱা পানী আৰু তেজবোৰৰ মাজেদি টানি নি ....
ওলোমাই দিছিল ডাক্তৰে...
 তাক মোৰ চকুৰ সন্মুখত..... 
সুখৰ সংজ্ঞা বিচাৰি পাইছিলোঁ মই.... 
মাক হলোঁ মই.... 
পুত্ৰ সন্তানৰ মাতৃ হলোঁ মই..... 
মোৰ উদৰত জন্ম দিলোঁ মই মোৰ সন্তানক....
আসঃ.....কি যে ফুৰ্তি.....
এটুপি পানীও মুখত নিদিয়াকৈয়ো
 ভোকাতুৰ হোৱা নাছিলোঁ মই.... 
বুকুৰ মাজত সাৱটি তাক মৰম দিছিলোঁ...
 মোৰ দুগ্ধ পান কৰাই তাক....
 মাক হোৱাৰ সন্তষ্টি লভিছিলোঁ.....
 আজিও মোৰ তলপেটৰ সেই চিহ্ন....
 জিলিকি আছে.... 
নাই মাথোঁ মদৰ নিচাট আহি গোৰ মাৰিদিয়া....
 তাৰ ভৰিৰ চিনটো.... 
কাৰণ সেইদিনা তাৰ গোৰত...
 মোৰ পেটত চিলাই পৰা নাছিল...... 
সি কোনোদিনেই দেখা নাছিল ....
পৃথিৱীলৈ সি অহা বাটটো যে....
মোৰ পেটতেই আছিল.... 
 আজি মই গৌৰৱ নকৰোঁ....
 যে মই এটি পুত্ৰৰ মাতৃ.... 
ঘিণ কৰোঁ যে মই এটা....
 মুখা পিন্ধা ভদ্ৰ মদাহীৰ মাতৃ..... 
মোৰ শান্তিৰ আঁৰত এতিয়া কোনোদিনেই 
মোৰ পুত্ৰৰ মুখ নিজিলিকে....
জিলিকে মাথোঁ অত্যাচাৰৰ ....
সেই ভয়লগা মুহূৰ্ত বোৰ..... 
মাতৃ হোৱা সহজ নহয়....
মাথোঁ আশীৰ্বাদ কৰোঁ সি যেন ...
এদিন বুজি পাই মোৰ মাতৃত্বৰ এই যন্ত্ৰণাৰ যাত্ৰা.......
কাৰণ মই মাতৃ.....
পুত্ৰৰ বেয়া যেন কোনো মাতৃয়েই নিবিচাৰে......

✍কাকলি কটকী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)